
নিউজ ডেস্ক:
মঙলবাৰে মুকলি হ'ব ৰাজ্যত ৭০মেগাৱাট সৌৰ শক্তি উৎপাদন কেন্দ্ৰ।শিৱসাগৰ আমগুৰিত অসম চৰকাৰৰ শক্তি বিভাগৰ দ্বাৰা স্থাপন কৰা কেন্দ্ৰটো মুকলি কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩৪৪কোটি টকা ব্যয় সাপেক্ষে ২০১৯চনত কাম আৰম্ভ কৰা সৌৰ শক্তি কেন্দ্ৰটো মুকলি কৰাৰ কথা অৱগত কৰে শক্তিমন্ত্ৰী বিমল বৰাই।
উল্লেখ্য যে ৰাজ্যৰ বকোত ২৫মেগাৱাট, ওদালগুৰিত ২৫ মেগাৱাট, কাছাৰ ২৫মেগাৱাট, চামগুৰিত ১০মেগাৱাট, তেজপুৰত ৫ মেগাৱাট, তেজপুৰৰ পতঞ্জলিত ৪মেগাৱাট সৌৰ শক্তিৰ দ্বাৰা উৎপাদন হৈ আছে বিদ্যুৎ।
ইয়াৰ উপৰিও ৩৫মেগাৱাট ৰোফ ট্ৰাফ সৌৰশক্তি ৰাজ্যত উৎপাদন হৈ আছে।মঙলবাৰে ৭০মেগাৱাট কেন্দ্ৰটো মুকলি হলে ইয়াৰ পৰিমাণ ২১৫মেগাৱাটলৈ বৃদ্ধি পাব- দিছপুৰৰ মন্ত্ৰী আৱাসত এক সংবাদমেল সম্বোধন কৰি এই কথা জনাইছে মন্ত্ৰী বৰাই।
গুৰুত্বপূৰ্ণ কথা এই যে, ১০০০মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে আগবাঢ়িছে ৰাজ্য চৰকাৰ।আগন্তুক ৩বছৰৰ ভিতৰত লক্ষ্যত উপনীত হ’ব বুলিও লগতে তেওঁ কয়।
উল্লেখ্য যে ১মেগাৱাট সৌৰ শক্তি উৎপাদন কৰা বাবে প্ৰায় ১৩বিঘা মাটিৰ প্ৰয়োজন হয়।ৰাজ্যৰ বৈদ্যুতিক তাঁৰে যিসমূহ অঞ্চলক সাঙুৰি লব পৰা নাযায় তেনে অঞ্চলত সৌৰ শক্তিৰে বিদ্যুৎ যোগান ধৰিব অসম চৰকাৰে।
ইফালে অসমে কম সময়তে ১০০% বৈদ্যুতিক সংযোগ দিবলৈ সক্ষম হ’ব বুলিও মন্ত্ৰী বৰাই কয়।অহা ৩বছৰৰ ভিতৰত ৰাইজে বিচৰা ধৰণে ২৪×৭ নহলেও ২৩ঘন্টা বিদ্যুৎ লাভ কৰিব বুলি মন্ত্ৰী বৰাই কয়।
- Log in to post comments
- 15 views