আজিৰে পৰা ৰঙিয়াত হৰদত্ত-বীৰদত্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

 আজিৰে পৰা ৰঙিয়াত হৰদত্ত-বীৰদত্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

ৰঙিয়াক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে জলসিঞ্চন, ৰাজহ(স্বতন্ত্ৰ) মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰচেষ্টাত আৰম্ভ হ'ল হৰদত্ত-বীৰদত্ত দিবা-নৈশ ফুটবল ট্ৰফী । 

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মন্ত্ৰী ভৱেশ কলিতাই আজি হৰদত্ত-বীৰদত্ত ফুটবল ট্ৰফীৰ পতাকা উত্তোলন কৰে ।

 আজিৰে পৰা ৰঙিয়াত হৰদত্ত-বীৰদত্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

স্মৃতি তৰ্পণ কৰে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বংশীধৰ কলিতাই । উক্ত অনুষ্ঠানটোত প্ৰাক্তন খেলুৱৈ ধৰ্মেৰাম দাস, নলিৰাম কুমাৰ, বংশীধৰ কলিতা, সুভাষ চৌধুৰীক সম্বৰ্ধনা জনোৱা হয় ।

 মন্ত্ৰী ভৱেশ কলিতাই খেলখন উদ্বোধন কৰি কয় যে ৰঙিয়াক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ এটা নতুন প্ৰচেষ্টাৰে আমি আগবাঢ়িব লাগিব ।

খেলত প্ৰতিভা থকা খেলুৱৈসকলক আগবঢ়াই নিয়াৰ বাবে আমি সকলোৱে খেলুৱৈসকলক এখন মঞ্চ দিব লাগিব । হৰদত্ত-বীৰদত্ত ট্ৰফীয়ে ৰঙিয়া মহকুমাত খেলৰ ক্ষেত্ৰত এটা নতুন উদ্যম আনিব বুলিও তেখেতে কয় । 

 আজিৰে পৰা ৰঙিয়াত হৰদত্ত-বীৰদত্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

জ্যিক চলচ্চিত্ৰ, বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই ক্ৰীড়াৰ জৰিয়তে প্ৰতিজন প্ৰতিভাৱান খেলুৱৈক আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় । 
জ্যেষ্ঠ্য ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতাই কয় এই খেলখনৰ জৰিয়তে ৰঙিয়াত ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন জোৱাৰ আনিলে ।

 আজিৰে পৰা ৰঙিয়াত হৰদত্ত-বীৰদত্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

 উল্লেখ্য যে হৰদত্ত-বীৰদত্ত ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক নগদ ৩১,০০০ টকা আৰু ট্ৰফী আৰু বিজিত দলক নগদ ২১,০০০ টকা প্ৰদান কৰা হ'ব ।

খেলসমূহ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, তৰণিৰ আৰিমত্ত খেলপথাৰ, বালিসত্ৰ, জয়ন্তীপুৰত অনুষ্ঠিত হ'ব । 

 আজিৰে পৰা ৰঙিয়াত হৰদত্ত-বীৰদত্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

হৰদত্ত-বীৰদত্ত ট্ৰফীত অসম পুলিচ ব্লুচ, গুৱাহাটী চিটী পুলিচ, বৰমাৰ উদংশ্ৰী, ভূটানৰ হায়না আদি দলে অংশগ্ৰহণ কৰিব । 

উদ্বোধনী খেলখনত আজি অংশগ্ৰহণ কৰে বালিসত্ৰৰ বাচা আৰু কেতেকীবাৰীৰ জ্ঞানদা সংঘই ।
 

Your Comments