মোডী জনসভালৈ অধিগ্ৰহণ কৰা বাহনত চৰকাৰে কিমান টকা খৰচ কৰিলে পঢ়ক

A

 

B

নিউজ ডেস্ক:
মূল্যবৃদ্ধিত কোঙা ৰাজ্যৰ খাটিখোৱা জনতা।তাৰ মাজতে আজি অসমলৈ আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।ডিফু আৰু ডিব্ৰুগড়ৰ দুখন বিশাল জনসভাত অংশ ললে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
প্ৰধানমন্ত্ৰীক আদৰিবলৈ ৰাজ্য চৰকাৰে কেৱল যাত্ৰীবাহী গাড়ী অধিগ্ৰহণতে খৰছ কৰিছে বহু কোটি টকা।উল্লেখ্য যে ৰাজ্যৰ ৰাজকোষৰ ২৯কোটি ৩৪লাখ ৯১হাজাৰ ৫৬৭টকা বাহন অধিগ্ৰহণত খৰছ কৰিছে ৰাজ্য চৰকাৰে।ডিফু ৰাজহুৱা সভালৈ মানুহ অনা-নিয়া কৰাৰ বাবে সৰ্বমুঠ ৬১৪৬খন বাহন অধিগ্ৰহণ কৰিছে।একেদৰে ডিব্ৰুগড়  জনসভালৈ মানুহ অনা-নিয়াৰ বাবে ১০০২খন বাহন ভাড়া কৰিছে।তাৎপৰ্যপূৰ্ণ কথা এই যে যি সময়ত জনতাই মূল্যবৃদ্ধিত কঙাল হৈ পৰিছে সেইসময়ত ৰজাঘৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ ব্যয়বহুল আয়োজন কৰা কাৰ্যক বিভিন্ন জনে তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে।প্ৰধানমন্ত্ৰী অসমলৈ আহিছে ভাল কথা কিন্তু তাৰ বাবে ৰাজ্য চৰকাৰে ৰাজকোষৰ কোটি কোটি টকা খৰচৰ যুক্তি ক’ত- সামাজিক মাধ্যমত এইদৰে বিভিন্ন জনে প্রকাশ কৰিছে নিজৰ মত।
উল্লেখ্য যে ডিফু জনসভাত কাৰ্বি আংলং পশু চিকিৎসা মহাবিদ্যালয়, কৃষি মহাবিদ্যালয় আৰু আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মোডীয়ে।ইফালে ডিব্ৰুগড় জনসভাত অংশগ্ৰহণ কৰি ৭খনকৈ কেঞ্চাৰ হাস্পাতাল মুকলি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।টাটা ট্ৰাষ্টৰ সৈতে অসম চৰকাৰে নিৰ্মাণ কৰা ডিব্ৰুগড়ৰ কেঞ্চাৰ হাস্পাতাল পৰিদৰ্শন কৰে মোডীয়ে।ডিব্ৰুগড়ৰ পৰাই তেজপুৰ, লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ, দৰঙৰ ৪৫খন বিছনাযুক্ত কেঞ্চাৰ হাস্পতাল  মুকলি কৰে।

Your Comments