
নিউজ ডেস্ক:
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আম আদমী পাৰ্টীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰূপায়ণ কৰে প্ৰতিবাদী সমদল।দিছপুৰত আপ কেন্দ্ৰীয় সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।মহানগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক আপ কর্মীয়ে অংশগ্ৰহণ কৰে।
বজাৰত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই, ছিলিণ্ডাৰত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই, ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, প্রধানমন্ত্ৰী হায় হায়, দৰিদ্ৰতাৰ দিশে ৰাইজ আদি বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।প্ৰতিবাদী আপ কর্মীসকলে খালী ছিলিণ্ডাৰ দাঙি এই কাৰ্যসূচীত অংশ লোৱা দেখা গৈছে৷
ইফালে প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণ কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক টানি-আজুৰি আটক কৰে।মহিলা প্ৰতিবাদকাৰীকো চোঁচৰাই বাছত তোলে।গণতান্ত্ৰিক আন্দোলনক আৰক্ষীয়ে অন্যায়ভাৱে বন্ধ কৰাৰ গুৰুতৰ অভিযোগ উথ্থাপিত হয়।তাৎপৰ্যপূৰ্ণ কথা এই যে ,সমগ্ৰ দেশৰ লগতে ৰাজ্যত খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি হৈ থকাৰ সময়তে পুনৰ একাংশ সামগ্ৰীৰ জি এছ টি বৃদ্ধিৰ জো-যা চলাইছে চৰকাৰে।
- Log in to post comments
- 6 views