
নিউজ ডেস্ক:
ভিআইপি-ভিভিআইপি সংস্কৃতি বিৰোধিতাৰে সাধাৰণ জনতাক প্ৰাধান্য দিয়াৰ কথা কোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত চৰকাৰৰ কথা আৰু কামৰ মাজত বৃহৎ পাৰ্থক্য।ৰজাৰ বাবে যাতে প্ৰজাৰ যাতায়ত বিঘ্নিত নহয় তাৰ সুনিশ্চিত কৰিবলৈ হিমন্ত চৰকাৰে কেবিনেটত সিদ্ধান্ত লয়।কিন্তু বাস্তৱত ৰূপায়িত নহয় কেবিনেটৰ সিদ্ধান্তসমূহ।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৃহস্পতিবাৰে অসম ভ্ৰমণলৈ আহিব।ডিব্ৰুগড় আৰু কাৰ্বি আংলঙৰ জনসভাত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।প্ৰধানমন্ত্ৰী গৰাকীৰ জনসভালৈ মানুহ নিয়া বাবে সমগ্ৰ ৰাজ্যত যাত্ৰীবাহী বাহন (বাছ) অধিগ্ৰহণ কৰিছে অসম চৰকাৰে।অসম চৰকাৰে সভালৈ বাছসমূহ অধিগ্ৰহণ কৰাত সমস্যাত পৰিছে এতিয়া যাত্রীসকল।
গুৱাহাটী মহানগৰীৰ প্ৰায় ৫০০খন চিটিবাছ প্ৰধানমন্ত্ৰী সভাৰ বাবে অধিগ্ৰহণ কৰাত বুধবাৰে মহানগৰীত যাত্রীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।বিভিন্ন কামত ওলাই অহা যাত্ৰীসকলে ঘণ্টাৰ পাছত ঘন্টা ধৰি অপেক্ষা কৰি থাকিব লগা হয় বাছলৈ।বহুতে নিৰ্দিষ্ট সময়ত চিটিবাছ নাপাই উভতি যাব লগা হয় ঘৰলৈ।
ইফালে চিটিবাছ নথকা সুযোগ লৈ মহানগৰীত একাংশ মেজিক, অট'ৱে যাত্ৰীৰ ওপৰত মাধমাৰ সোধাই দুগুণ ভাড়া লোৱাৰো অভিযোগ উঠে।
গুৰুত্বপূৰ্ণ কথা এই যে, বৃহস্পতিবাৰে মোডীয়ে ৭খন কেন্সাৰ চিকিৎসালয় উদ্বোধন কৰিব ডিব্ৰুগড়ত।আনহাতে মোডী ভ্ৰমণৰ বাবেই ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলা বৃহস্পতিবাৰৰ দিনটোত চৰকাৰে বন্ধ ঘোষণা কৰিছে।
- Log in to post comments
- 15 views