LANKA SCHOOL MINORITY SCHOLARSHIP CORRUPTION : লংকাৰ এখন বিদ্যালয়ত সংখ্যালঘু ছাত্র-ছাত্ৰীৰ নামত অহা SCHOLERSHIP ৰ নামত অনিয়ম

A

নিউজ ডেস্ক:
লংকাৰ এখন বিদ্যালয়ত  সংখ্যালঘু ছাত্র-ছাত্ৰীৰ নামত অহা SCHOLERSHIP ৰ নামত অনিয়ম।ছাত্র-ছাত্ৰীৰ পৰা আগধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সদস্যৰ বিৰুদ্ধে । লংকাৰ নখুটীৰ ১নং খাগৰীজান এম ই স্কুলত সংঘটিত হৈছে এই ঘটনা৷ জানিব পৰা মতে বিদ্যালয়খনত  অধ্যায়নগত ছাত্ৰ-ছাত্ৰী সকললৈ অহা SCHOLARSHIP ৰ ধন দিয়াৰ নামত আগধন দুই হাজাৰ লোৱাৰ অভিযোগ উথ্থাপন হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সদস্য আব্দুল খালেকৰ বিৰুদ্ধে। উল্লেখ্য যে, লংকাৰ নখুটী উক্ত বিদ্যালয়খনৰ ছাত্ৰ- ছাত্রীৰ নামত আহিছিল সংখ্যালঘু SCHOLARSHIP ৰ ধন।। উক্ত ধন দিয়াৰ নামত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰা পৰিচালনা সমিতিৰ সদস্য আব্দুল খালেকৰ হাতত জমা দিৱলৈ কোৱা হৈছিল বেংকৰ নথি পত্ৰ। বেংকৰ নথি পত্ৰ জমা দিলে  ঠিকেই কিন্তু, SCHOLARSHIP দিয়াৰ  আগ মুহূর্তত আগধন বিচাৰাত সমস্যাত ভুগিছে দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰী সকল।কিছুৱে আগধন দিয়াৰ বাবে পাইছে SCHOLARSHIP কিন্তু দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰী আৰু অভিভাবক সকলে আগধন দিৱ নোৱাৰি এতিয়া উপায়ন্তৰ হৈ উচিত তদন্তৰ দাবীত কাষ চাপিছে সংবাদ মাধ্যমৰ।

Your Comments