
নিউজ ডেস্ক:
ৰাজ্যৰ প্ৰতিবন্ধী সকলৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ৫১১টা চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে ২০২১বৰ্ষতে চৰকাৰে নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু সেই পৰীক্ষাৰ ফলাফল মঙলবাৰে নিশা ঘোষণা কৰে৷ ফলাফল ঘোষণা কৰাৰ পিছতেই ফলাফলত বৃহৎ খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ আজি সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় যে ,যি খন চৰকাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা বুলি দাবী কৰিছিল প্ৰকৃততে যে পৰীক্ষাটো নিকা হোৱা নাছিল সেয়া স্পষ্ট হৈ পৰিছে৷ কিয়নো অস্হি বিকলাংগ হিচাপে দ্বিতীয় স্হানত নিৰ্বাচিত হোৱা প্ৰাৰ্থীগৰাকীয়ে মুঠ ৩নম্বৰ থকা ঠাইত লাভ কৰিছে ৭নম্বৰ৷ এয়া এক উদাহৰণহে মাথোঁ৷ আনকি বিগত বৰ্ষৰ ৮ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰ, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু প্ৰতিবন্ধী সংগঠন সমূহৰ মাজত হোৱা আলোচনা অনুসৰি পৰীক্ষা ব্যৱস্থাটোত প্ৰাৰ্থীৰ বয়স আৰু প্ৰতিবন্ধকতাৰ শতাংশ অনুযায়ী অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উল্লেখ আছিল যদিও ঘোষিত ফলাফলত তাৰ বিপৰীত ছবিহে দেখা গ’ল৷ মালাকাৰে লগতে কয় পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত কোনো কোনো কেন্দ্ৰত ১৪নম্বৰত ১৪টা প্ৰশ্ন সুধিবলগীয়াৰ বিপৰীতে কিছু প্ৰাৰ্থীক দুটা, কিছু প্ৰাৰ্থীক ৫টা আৰু কিছু প্ৰাৰ্থীক ২৫টালৈ প্ৰশ্ন সোধা দেখা গৈছিল৷ ফলত শেহতীয়াকৈ ঘোষিত ফলাফলত বহু যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ এই বিসংগতি সন্দৰ্ভত ইতিমধ্যে সংগঠনৰ তৰফৰ পৰা প্ৰতিবন্ধী সকলৰ বাবে থকা আয়ুক্ত গৰাকীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে৷ ঘটনা সন্দৰ্ভত আয়ুক্তগৰাকীয়ে ইতিমধ্যে যোৱা ৫এপ্ৰিলতে শুনানিৰ দিন ঘোষণা কৰিছিল আৰু তাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ উপস্থিত থাকি ২৮এপ্ৰিলত সমগ্ৰ তথ্যপাতি দাখিল কৰাৰ কথা আছিল৷ কিন্তু ৰহস্যজনক ভৱে ততাতৈয়াকৈ ২৬এপ্ৰিলৰ নিশাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ফলাফল ঘোষণা কৰে৷ আনকি গোৱালপাৰা, ৰঙিয়া, ওদালগুৰি আদি কেন্দ্ৰৰ প্ৰায় প্ৰাৰ্থীয়ে মৌখিক পৰীক্ষাত ১৪ নম্বৰৰ ভিতৰত ১৪নম্বৰেই পোৱা পৰিলক্ষিত হৈছে৷ খেলিমেলিৰ মাজেৰে ঘোষিত ফলাফলৰ উচিত তদন্ত কৰি প্ৰকৃত যোগ্য প্ৰতিবন্ধী সকলক নিযুক্তি দিবলৈ দাবী জনালোঁ৷ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা হোৱাৰ স্বাৰ্থত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপো কামনা কৰিছে সংগঠনটোৱে৷
- Log in to post comments
- 15 views