আই পি এছ পাৰ্থ সাৰথি মহন্তৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী দেৱব্ৰত শইকীয়াৰ

A

নিউজ ডেস্ক:
"গুজৰাটৰ দলিত নেতা বিধায়ক জিগনেশ মেৱানীক আক্ৰোশমূলক ভাৱে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।মেৱানীৰ গ্ৰেপ্তাৰ সম্পৰ্কত পক্ষপাতমূলক আচৰণ আৰক্ষীৰ"-এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। মংগলবাৰে একসংবাদমেল সম্বোধন কৰি কয় মেৱানীক গ্ৰেপ্তাৰ কৰা সমগ্ৰ বিষয় সন্দৰ্ভত সাক্ষাৎ বিচৰা হৈছিল ৰাজ্যপালৰ।কিন্তু ৰাজ্যপালে সময় নিদিলে কংগ্ৰেছ বিধায়িনী দলক।এই ক্ষেত্ৰত ৰাজ্যপাল গৰাকীয়েও পক্ষপাতমূলক আচৰণ কৰা বুলি তেওঁ কয়  ৷

অসম আৰক্ষীয়ে জিগনেছ মেৱানীক ধৰ্ম জাতি ভাষা-বাসস্থান আৰু সম্প্ৰীতি বিৰোধী কামকাজত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ৰাজনৈতিক চক্ৰান্তত মেৱানীক হাৰাশাস্তি কৰা হৈছে।তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ কোনো ভিত্তি নাই৷মেৱানীৰ কণ্ঠৰোধ কৰা বাবে বিজেপিৰ এয়া দুৰ্বল প্ৰচেষ্টা- শইকীয়াই কয়।
ইফালে পূৰ্ব কোনো জাননী জাৰি নকৰাকৈ গ্ৰেপ্তাৰ কৰা হৈছিল মেৱানীক।কোকৰাঝাৰ গোচৰৰ পৰা জামিন লাভ কৰাৰ পিছতে  মহিলা আৰক্ষীক অপদস্থ কৰাৰ অভিযোগত মেৱানীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।অসম আৰক্ষী ৰাজনৈতিক ভাবে ব্যৱহৃত হৈ হৈছে।কংগ্ৰেছ সদস্যই কংকনা ৰাণাৱত, অৰ্ণব গোস্বামীৰ বিৰুদ্ধে ইতিপূৰ্বে ৰুজু কৰিছে গোচৰ।কিন্তু এই সম্পৰ্কত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে- বিৰোধী দলপতি জনে কয় যে বিজেপিয়ে আৰক্ষীক ভৃত্য হিচাপে ব্যৱহাৰ কৰিছে।প্ৰধানমন্ত্ৰীৰ সপোনৰ SMART হ'ব পৰা নাই  অসম আৰক্ষী।অসম আৰক্ষীয়ে ১.৫৩ শতাংশ  অপৰাধীৰ ক্ষেত্ৰতহে দোষী সাব্যস্ত কৰিব পাৰিছে য’ত নেকি সৰ্বভাৰতীয় হাৰ ৩৪.১৬ শতাংশ।২০২০ চনৰ তথ্য অনুসৰি ১,৩৩,৬৪১গৰাকী ব্যক্তিক বিভিন্ন অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ইয়াৰ বিপৰীতে ৬১,৬৬৮ গৰাকীৰ বিৰুদ্ধে অভিযোগনামা দিছিল।ইয়াৰ ভিতৰত ৯৪৯গৰাকী দোষী সাব্যস্ত হৈছে।ইয়ে অসম আৰক্ষীৰ ব্যৰ্থতা আৰু ৰাজনৈতিক স্বাৰ্থত আৰক্ষী ব্যৱহাৰ হয় তাক স্পষ্ট ভাৱে প্ৰমাণ কৰে- শইকীয়াই কয়।

ইফালে মেৱানী গ্ৰেপ্তাৰৰ লগত সম্পৰ্ক আছে গুজৰাটৰ নিৰ্বাচন।মেৱানীৰ বিৰুদ্ধে আৰু গোচৰ ৰুজু কৰাৰ আশংকা প্ৰকাশ কৰে তেওঁ।কিয়নো অখিল গগৈকো এইদৰে এসময়ত গ্ৰেপ্তাৰ কৰা হৈছিল।মেৱানী গ্ৰেপ্তাৰৰ বাবে মুখ্যমন্ত্ৰী  জগৰীয়া।বৰপেটাত প্ৰতিবাদ সাব্যস্ত কৰাৰ অনুমতি নিদিয়াটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।মেৱানীৰ মুক্তিৰ দাবীত বৰপেটাত প্ৰতিবাদ কৰা কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।চৰকাৰক প্ৰকৃত গণতন্ত্ৰ ৰক্ষা কৰাৰ আহ্বান জনাই তেওঁ কয় বিনাচৰ্তে কংগ্ৰেছ নেতাসকলক মুক্তি দিব লাগে।
আনহাতে সঞ্জীৱ শৰ্মাৰ আলফাত যোগদান সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়- অসম আৰক্ষীয়ে গুপ্তচৰ পঠিয়াইছে আলফা স্বাধীনলৈ।আলফাত যুৱক যোগদানৰ লগত আৰক্ষীৰ যোগসূত্ৰ থকাটো অতিকৈ দুৰ্ভাগ্যজনক।IPS পাৰ্থ সাৰথি মহন্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কত ন্যায়িক তদন্তৰ দাবী জনাইছে। 

Your Comments