
নিউজ ডেস্ক:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনটোত অসম চৰকাৰে দুখনকৈ জিলাত ঘোষণা কৰিছে স্থানীয় বন্ধ।অহা ২৮এপ্ৰিলত ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাত স্থানীয় বন্ধ ঘোষণা অসম চৰকাৰৰ।উল্লেখ্য যে জিলা দুখনত বিশাল জনসভাৰ সম্বোধন কৰিব মোডীয়ে।
ইফালে স্থানীয় বন্ধৰ ফলত দুয়োখন জিলাত বিদ্যালয় শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আদি বন্ধ থাকিব ৷
তাৎপৰ্যপূৰ্ণ কথা এই যে অসম চৰকাৰে মোডী ভ্ৰমণৰ বাবে ঘোষণা কৰা বন্ধক বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ।“জাতীয় সংগঠনে জাতীয় সমস্যা সমাধানৰ বাবে বন্ধ ঘোষণা কৰিলে বন্ধৰ ফলত হোৱা সমগ্ৰ লোকচান সেই জাতীয় সংগঠনে ভৰিব লাগিব বুলি কয়।আৰু এতিয়া চৰকাৰখনে প্ৰধানমন্ত্ৰী ভ্ৰমণৰ বাবে অসমৰ দুখনকৈ জিলা বন্ধ ঘোষণা কৰিব।লোকচানৰ মূল্য দিব নে!- সামাজিক মাধ্যমত এইদৰে প্ৰশ্ন উত্থাপন কৰিছে আছুৱে।আলহী আহিলে দুৱাৰ বন্ধ কৰা আৰু প্ৰধানমন্ত্ৰী আহিলে জিলা বন্ধ কৰা একে” বুলিও লগতে কয়।
উল্লেখ্য যে পূৰ্বতে অসমৰ ইতিহাসত প্ৰধানমন্ত্ৰী আগমন কৰোতে এইদৰে চৰকাৰী ভাৱে জিলা বন্ধ ঘোষণা কৰা নজিৰ নাছিল।বিজেপি চৰকাৰে প্ৰথম বাৰৰ বাবে ঘোষণা কৰিছে বন্ধ।
- Log in to post comments
- 45 views