ছিপাঝাৰ সাহিত্য সভাৰ ৪৭৯সংখ্যক বৈঠকত উন্মোচন মহেন্দ্ৰ মোহন নাথৰ শ্ৰীশ্ৰী শিৱ গীতা

A

নিউজ ডেস্ক:

ছিপাঝাৰ সাহিত্য সভাৰ ৪৯৮সংখ্যক বৈঠকখনি শিক্ষাবিদ মহেন্দ্ৰ মোহন নাথৰ বাসগৃহত দেওবাৰে অনুষ্ঠিত হয়।গাম্ভীৰ্যপূৰ্ণ সভাখনত সভাপতিত্ব কৰে ছিপাঝাৰ সাহিত্য সভাৰ সভাপতি চন্দ্ৰ কান্ত নাথে।সভাত মহেন্দ্ৰ মোহন নাথৰ অনুদিত গ্ৰন্থ শ্ৰীশ্ৰী শিৱ গীতা অসমীয়া গদ্যৰূপ উন্মোচন কৰে মঙলদৈৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ডাঃ অঞ্জলি বৰঠাকুৰে।সাহিত্যক পেঞ্চনাৰ শশীধৰ নাথ, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ৰাম চন্দ্ৰ ডেকা আৰু মঙলদৈ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ উপেন্দ্ৰনাথ সিং সম্বনিয়ে অতিথিৰূপে অংশগ্ৰহণ কৰে সভাত।আনহাতে সভাখনত ছিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ প্ৰসন্ন কুমাৰ নাথে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ ৰাখে।ইয়াৰ উপৰিও সভাখনত সমাজৰ যথেষ্ট সংখ্যক ব্যক্তি, শিশু, মহিলা উপস্থিত থাকে।

Your Comments