মধ্যপূৰ্ব গুৱাহাটী বিহু সন্মিলনৰ একাংশ বিষয়ববীয়াৰ বিৰুদ্ধে এগৰাকী কণ্ঠশিল্পীৰ চানমাৰি থানাত এজাহাৰ

A

 

B

নিউজ ডেস্ক:

মধ্যপূৰ্ব গুৱাহাটী বিহু সন্মিলন সমিতিৰ বিৰুদ্ধে চানমাৰি থানাত এজাহাৰ উদীয়মান কণ্ঠ শিল্পীৰ।শিলপুখুৰীস্থিত নৱগ্ৰহ কালীমন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈ বিহু সমিতিখনৰ একাংশ বিষয়ববীয়াৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ গুৰুতৰ অভিযোগ তুলি উদীয়মান কণ্ঠশিল্পী ৰক্টোপল দিকু ভৰদ্বাজে দাখিল কৰিছে এজাহাৰ।উল্লেখ্য যে , শনিবাৰে নিশা স্থানীয় কন্ঠশিল্পী গৰাকীয়ে বিহু সন্মিলনখনত সহযোগী বাদ্যযন্ত্ৰীসকলৰ সৈতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল।নিশা প্ৰায় ১১.৩০বজাত বাদ্যযন্ত্ৰী সকলে অনুষ্ঠানৰ বাবে ষ্টেজ সাজু কৰিছিল।অন্যান্য কণ্ঠশিল্পীয়ে অনুষ্ঠান কৰি থকাৰ বাবে নিশা প্ৰায় ১২.৩০ বজালৈ নিমন্ত্রিত কন্ঠশিল্পী গৰাকীয়ে অনুষ্ঠান কৰিবলৈ পৰা নাছিল।তেনে সময়ত তেওঁৰ লগত যোৱা সহযোগী শিল্পীয়ে কমিটিক অনুষ্ঠান কেতিয়া কৰিবলৈ দিব বুলি প্ৰশ্ন কৰিছিল।তাতে বিহু কমিটিখনৰ একাংশ সুৰামত্ত বিষয়-ববীয়া খৰ্গহস্ত হৈ কণ্ঠশিল্পী গৰাকী আৰু তেওঁ সহযোগী বাদ্যযন্ত্ৰীসকলক আক্ৰমণ কৰে- এইদৰে বৰ্ণনা কৰিছে অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখী হোৱা কণ্ঠ শিল্পী গৰাকীয়ে।উল্লেখ্য যে বিহু সন্মিলনখনে শনিবাৰৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল কাৰ্বি আংলং ডকমকাত গণপ্ৰহাৰত মৃত্যু হোৱা শিল্পী অভিজিৎ আৰু নিলোৎপলৰ সোঁৱৰণত।সামাজিক মাধ্যমত উদীয়মান কণ্ঠশিল্পী গৰাকীয়ে বৰ্ণনা কৰা মতে সুৰামত্ত কমিটিৰ একাংশ বিষয়ববীয়াই বাঁহ-যাঠি লৈ তেওঁলোকৰ দলক আক্ৰমন কৰিবলৈ লয়।প্ৰাণৰ মমতাত তেওঁলোকে স্থান এৰি পলাই যাব লগাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হয়।দুজন বাদ্যযন্ত্ৰীক নৱগ্রহৰ দিশে খেদি লৈ যায়।
ইফালে অনুষ্ঠান উপভোগ কৰিবলৈ কণ্ঠশিল্পী গৰাকীৰ পৰিয়ালৰ সদস্যও তাত উপস্থিত আছিল।পৰিয়ালৰ সদস্যকো কমিটিৰ একাংশ উন্মাদ বিষয়-ববীয়াই বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কন্ঠশিল্পী দিকুৱে।
আনহাতে কন্ঠশিল্পী গৰাকীয়ে আক্ৰমণৰ ঘটনাত জড়িত থকা বুলি এজাহাৰত উল্লেখ কৰিছে বিৰাজ শৰ্মা, জুন শৰ্মা, মিতুল শৰ্মাৰ নাম।

Your Comments