
নিউজ ডেস্ক:
ৰঙালী বিহুৰ উৰুকাৰ দিনটোত মহানগৰীৰ জু ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল’ত নতুন অসমীয়া চলচ্চিত্ৰ "চিকাৰ"ৰ পোষ্টাৰ মুকলি কৰা হয়।নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে নতুন অসমীয়া ছবিখনৰ পোষ্টাৰ।বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা কৰিছে বিগত ২৫ বছৰে অসমীয়া ছবিজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহাইয়ে।কাৰ্যবাহী প্ৰযোজক হিচাপে আছে প্ৰয়াত ৰতন লহকৰৰ সুযোগ্য সন্তান প্ৰণৱ লহকৰ।বিশেষকৈ লণ্ডনত আৰু কিছু অংশ অসমত দৃশ্যগ্ৰহণ কৰিবলগীয়া "চিকাৰ"ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱকৰূপে দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী জুবিনক।ছবিখনিৰ সংগীত পৰিচালনা কৰিছে জুবিনে।ইয়াৰ উপৰিও ছবিখনৰ অন্য দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী সিদ্ধাৰ্থ শৰ্মা(কে কে) আৰু দ্বীপজ্যোতি কেওঁট(মোহন)ক। "চিকাৰ"ৰ চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। দৃশ্যগ্ৰহণকাৰী জন ৰেগ্ৰেট।বিহুৰ পাছতেই দৃশ্যগ্ৰহণ হ'বলগীয়া ছবিখনি অহা বছৰৰ ফেব্ৰুৱাৰীত চিত্ৰগৃহলৈ অহাৰ কথা।
- Log in to post comments
- 8 views