হিন্দী বাধ্যতামূলক হলে অসমীয়া ভাষাৰ ওপৰত কোনো ব্যাঘাত নজন্মে- ৰনোজ পেগু

A

নিউজ ডেস্ক:

"ভাৰতবৰ্ষৰ জব মাৰ্কেটত নিজকে যোগ্য কৰি তুলিবলৈ হলে ভাষা দক্ষতাৰ প্ৰয়োজন।অসমীয়া ভাষাৰ ওপৰত কোনো ধৰণৰ ব্যাঘাত নজন্মে হিন্দী ভাষা বাধ্যতামূলক হলে।জব মাৰ্কেটৰ বাবে হিন্দী ভাষাটোৰ প্ৰয়োজনীতা আছে"- অসমত হিন্দী ভাষা বাধ্যতামূলক কৰা কেন্দ্ৰৰ সিদ্ধান্ত সন্দৰ্ভত এই মন্তৱ্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ।
অসমীয়া ভাষাৰ ওপৰত ব্যাঘাত জন্মিব ধাৰণাটো সঠিক নহয়।ৰাজ্য চৰকাৰে মাল্টি লেংগুৱেজ পলিচী ইতিমধ্যে গ্ৰহণ কৰিছে।জনজাতীয় ভাষাসমূহ প্ৰাথমিক পৰ্যায়ত লিখা মাধ্যম কৰা কাম কাজ আৰম্ভ হৈছে।অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক শক্তিশালী কৰাৰ বাবে কাম কাজ আৰম্ভ কৰিছোঁ।গতিকে কোনো প্ৰভাৱ নপৰে- মন্ত্ৰী পেগুৱে কয়।
আমি ভাৰতীয়, কম ভাৰতীয় ,অতি ভাৰতীয় তেনেকুৱা কোনো কথা নাই।ভাৰতবৰ্ষৰ ভাষা হিন্দী, হিন্দী ভাষাৰ জ্ঞান হৈছে দক্ষতা।আনহাতে বর্তমানলৈ আনুষ্ঠানিক কোনো নিৰ্দেশনা অহা নাই হিন্দী বাধ্যতামূলক কৰা প্ৰসংগত- শিক্ষামন্ত্ৰী গৰাকীয়ে কয়।

Your Comments