
নিউজ ডেস্ক:
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠানসমূহত কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা বাধ্যতামূলক ভাষা হিচাপে জাপি দিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাইছে অসমৰ দল সংগঠন।শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে হিন্দী বাধ্যতামূলক হ’ব বুলি ঘোষণা কৰা পাছতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে বিভিন্নজনে।উল্লেখ্য যে ,অসমকে ধৰি উত্তৰ-পূৱৰ অন্য ৭খন ৰাজ্যত দশমশ্রেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰা হ’ব বুলি ৩৭সংখ্যক সংসদীয় চৰকাৰী ভাষা কমিটি বৈঠকত গৃহমন্ত্ৰী গৰাকীয়ে কয়।হিন্দী ভাষা পঢ়োৱা বাবে ২২হাজাৰ গৰাকী শিক্ষক ৮ খন ৰাজ্যত নিযুক্তি দিব বুলি তেওঁ লগতে কয়।
ইফালে গৃহমন্ত্ৰী গৰাকীৰ ঘোষণাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সিদ্ধান্তক বিৰোধ কৰি কয়-নিজৰ আইৰ মুখৰ ভাষাটো বাধ্যতামূলক কৰাৰ পৰিৱৰ্তে হিন্দী ভাষা বাধ্যতামূলক কৰাটো দুৰ্ভাগ্যজনক।
আনহাতে বিষয়টো বিৰোধ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে কয়- কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত ভৱিষ্যতৰ উত্তৰ-পূৰ্বৰ আঞ্চলিক ভাষাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব।উত্তৰ-পূৱৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ নিজা নিজা ভাষা সংস্কৃতিৰে গঢ় লৈ উঠিছে এখন বৰ্ণিল আৰু স্বকীয় সমাজ।তেনে স্থলত চৰম আগ্ৰাসী মনোভাৱেৰে কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা উত্তৰ-পূৰ্বাঞ্চলত জাপি দিব বিচৰা সিদ্ধান্ত হতাশাজনক আৰু প্ৰতাৰণা।যোগাযোগ মাধ্যম আৰু চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাক ব্যৱহাৰ কৰি কেন্দ্ৰৰ আধিপত্যৰ দৃষ্টিভংগী প্ৰকাশ কৰিছে।এই সিদ্ধান্ত মানি লোৱা নহব, শীঘ্ৰে সিদ্ধান্ত বাতিল কৰিব লাগে।
"উত্তৰ-পূৰ্বাঞ্চল তথা অসমত ভাষিক আধিপত্য চলিব দিয়া নহব।আইৰ মুখৰ ভাষাটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল- গগৈয়ে কয়।
- Log in to post comments
- 16 views