কলিংগ সাহিত্য উৎসৱলৈ আমন্ত্ৰিত অসমৰ ৪গৰাকী কবি

A

নিউজ ডেস্ক:
কলিংগ সাহিত্য উৎসৱলৈ আমন্ত্ৰিত হৈছে অসমৰ চাৰিগৰাকীকৈ কবি, ক্ৰমে- নীলিম কুমাৰ, বিজয় শংকৰ বৰ্মন, দেৱৰাজ মিলি আৰু ৰঞ্জিত পাটগিৰি।  কলিংগ সাহিত্য উৎসৱে অনুষ্ঠিত কৰা  'ভাষা উৎসৱ' অনুষ্ঠানত "সাম্প্ৰতিক অসমীয়া কবিতাত ঐতিহ্য- চেতনা আৰু আধুনিকতা" শীৰ্ষক বিষয়ত আলোচনা কৰিব অসমীয়া সাহিত্যৰ কবি কেইগৰাকীয়ে।কবি দেৱৰাজ মিলিয়ে আঁত ধৰিব এই অনুষ্ঠানৰ। নীলিম কুমাৰে অসমীয়া কবিতাত ঐতিহ্য চেতনা, বিজয় শংকৰ বৰ্মনে অসমীয়া কবিতাত আধুনিকতা, ৰঞ্জিত পাটগিৰিয়ে অসমীয়া কবিতাৰ প্ৰত্যাহ্বান আৰু  দেৱৰাজ মিলিয়ে অসমীয়া কবিতাত জনগোষ্ঠীয় ঐতিহ্য ইত্যাদি বিষয়ত আলোচনা আগবঢ়াব।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কলিংগ সাহিত্য উৎসৱত যোৱা ২৩জানুৱাৰীৰ বিয়লি ৪ বজাত এক মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল অসমৰ দুজনকৈ লেখক জিতুল বৰা আৰু  অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বৰ্তমানৰ প্ৰকাশক আহ্বায়ক দেৱজিৎ বৰা।অসমৰ পৰ্যটন উদ্যোগ আৰু লেখক জিতুল বৰাৰ বহুল প্ৰচলিত "অসমৰ পৰ্যটনস্থলী'' শীৰ্ষক গ্ৰন্থৰ বিষয়ত আলোকপাত হৈছিল উক্ত অনুষ্ঠানতে।ভাৰতৰ ২২টা আঞ্চলিক ভাষাত ইতিমধ্যে কলিংগ সাহিত্য উৎসৱে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। কলিংগ সাহিত্য উৎসৱে অসমত পোনপ্ৰথমবাৰৰ বাবে  অনুষ্ঠিত কৰা অনলাইন সাহিত্য চিৰিজ অনুষ্ঠান সন্দৰ্ভত কালি  এক প্ৰেছ বিজ্ঞপ্তি যোগে উৎসৱৰ সঞ্চালক ৰশ্মি ৰঞ্জন ফৰিদা আৰু সহঃ সঞ্চালক তথা সংগ্ৰহাধ্যক্ষ আশুতোষ কুমাৰ ঠাকুৰ আৰু সুধাংশুৱে  জনোৱা মতে, অহা ১৭এপ্ৰিলৰ বিয়লি ৪বজাৰ পৰা ৫:১৫ বজালৈ অনলাইনযোগে অনুষ্ঠিত হ'ব অসমীয়া কবিতা বিষয়ক অনুষ্ঠানটো।

Your Comments