অসম আৰক্ষীৰ শীর্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল; নগাঁৱত আৰক্ষী অধীক্ষক নিযুক্তি

A

 

B

নিউজ ডেস্ক:

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল।নগাঁও আৰক্ষী অধীক্ষকৰূপে নিযুক্তি লীনা দলেক। বিশ্বনাথৰ অধীক্ষক আছিল দলে।শদিয়া আৰক্ষীৰ অধীক্ষক মোহন লাল মীনাক যোৰহাট আৰক্ষী অধীক্ষকলৈ বদলি।শদিয়াত আৰক্ষী অধীক্ষক পুস্কিন জৈনক নিযুক্তি।শিৱসাগৰ অধীক্ষক ৰাকেশ ৰৌচনক নিয়ালৈ বদলি।শুভ্রজ্যোতি বৰাক শিৱসাগৰ অধীক্ষক হিচাপে নিযুক্তি।চৰাইদেউ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক পূৰ্ব গুৱাহাটী আয়ুক্তলৈ বদলি।যুৱৰাজক চৰাইদেউ অধীক্ষক হিচাপে নিযুক্তি।দৰঙৰ অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰলৈ বদলি।দৰঙৰ অধীক্ষক হিচাপে  ৰাজমোহন ৰায়ক নিযুক্তি।চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়নৰ কামাণ্ডেন্ট শিলাদিত্য চেতিয়াক কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ৰ আৰক্ষী অধীক্ষকলৈ বদলি।শোণিতপুৰৰ অধীক্ষক ডাঃ ধনঞ্জয় পৰশুৰাম ঘনাৱটক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক পদলৈ বদলি।মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক নবীন সিঙক বিশ্বনাথৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি।তৃতীয় অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্ট ইমদাদ আলিক পশ্চিম কাৰ্বি আংলং আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি।

Your Comments