
নিউজ ডেস্ক:
কৰ্তৃপক্ষৰ চুড়ান্ত গাফিলতিত মৃত্যুক্ষণ গনিছে অসমৰ এটা থলুৱা প্ৰতিষ্ঠা আৰ্টফেডে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা গামোচা ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ সময়তে হস্ততাঁত বস্ত্ৰ শিল্পৰ বিভাগৰ অধীনস্থ ব্যৱসায়িক প্ৰতিষ্ঠান আৰ্টফেডক মৃত্যুৰ মুখলৈ এৰি দিছে।বিগত ১০ মাহে আৰ্টফেডৰ ১৭০জন কৰ্মচাৰীক প্ৰদানেই কৰা নাই দৰমহা।কৰ'ণা মহামাৰীৰ ফলত বিগত দুটা বছৰ আৰ্টফেডৰ ব্যৱসায় ব্যাপক ক্ষতিগ্ৰস্ত হৈছিল।হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক পৰাগমণি মহন্তক আৰ্টফেডৰ ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়া হৈছিল যদিও বিগত ৯মাহত কেৱল মাত্ৰ ৪বাৰহে আৰ্টফেডলৈ যোৱাৰ গুৰুতৰ অভিযোগ কৰ্মচাৰীসকলৰ।প্ৰতিষ্ঠানটোৰ ৰাজহাড় স্বৰূপ শাখাৰ ব্যৱসায় যোৱা এবছৰে স্তব্ধ হৈ পৰিছে।এই কথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সংবাদমেলযোগে অৱগত কৰে আৰ্টফেড কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ধীৰেন কুমাৰ নাথে।তেওঁ কয়যে পৰাগমণি মহন্তক এই প্ৰতিষ্ঠানটোৰ দায়িত্ব দিয়াৰ পিছৰে পৰা স্থবিৰ হৈ পৰিছে।আৰ্টফেড কৰ্তৃপক্ষ আৰু অসম চৰকাৰক জনাই অহাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।পৰিচালন সঞ্চালক, বিভাগীয় মন্ত্ৰী ইউজি ব্ৰহ্মকো জনাইছো।মুখ্যমন্ত্ৰীক বিষয়টো অৱগত কৰাৰ বাবে সাক্ষাৎ বিচাৰিও পোৱা নাই- নাথে লগতে কয়।উল্লেখ্য যে অসমৰ শিপিনীয়ে উৎপাদন কৰা চানেকীযুক্ত বস্ত্ৰ সম্ভাৰ বিক্ৰীৰ বাবে বজাৰ সৃষ্টি কৰি শিপিনী সকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লগতে ৰাজ্যৰ লগতে দেশৰ অন্যান্য প্ৰান্তত ৪৩টা বিক্ৰী কেন্দ্ৰ আছে।
আনহাতে সমস্যাৰ সমাধান বিচাৰি আৰ্টফেড কৰ্মচাৰী সকলে গ্ৰহণ কৰিছে দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী। কৰ্মচাৰীসকলৰ মাহিলী দৰমহা আদায় দিয়া, স্থায়ী পৰিচালন সঞ্চালক নিযুক্তি দিয়াকে ধৰি মুঠ ১০টা দাবীত ধাৰাবাহিক আন্দোলন ৰূপায়ন কৰিছে যোৱা ৫এপ্ৰিলৰ পৰা অহা ১৯এপ্ৰিললৈ।
- Log in to post comments
- 13 views