
নিউজ ডেস্ক:
সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা) ক্ৰমাৎ শক্তিশালী হৈছে।শেহতীয়াকৈ অসমৰ একাংশ যুৱক- যুৱতী আলফা(স্বা)ত যোগদান কৰা খবৰবোৰে সচেতন সমাজক চিন্তিত কৰি তোলাৰ সময়তে বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰে ৪৭গৰাকীকৈ যুৱক-যুৱতী শেহতীয়াভাৱে যোৱা কিছুদিনত আলফা(স্বা)ত যোগদান কৰাৰ কথা।নেপাত অসম আৰক্ষী উপ-পৰিদৰ্শক দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়-অসমত যেতিয়ালৈ আলফা থাকিব তেতিয়ালৈ অহা যোৱা চলি থাকিব।বহু সংখ্যক জ্যেষ্ঠ কেডাৰ মূল সুঁতিলৈও ঘূৰি আহিছে।
"সু-শাসন আৰু আলফা অসম চৰকাৰৰ মাজত এটা শান্তি আলোচনাৰ জৰিয়তে সমস্যাবোৰ কোনোবা এটা দিনত সমাধান কৰিব পাৰিম বুলিও আশা প্রকাশ কৰে শৰ্মাই।আলফাৰ আদৰ্শ আছে।বিভিন্ন সামাজিক মাধ্যম আছে যাৰ জৰিয়তে মানুহক আকৰ্ষণ কৰিছে-লগতে মুখ্যমন্ত্ৰীয়ে কয়।
তাৎপৰ্যপূৰ্ণ যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শাসনৰ দায়িত্বভাৰ গ্ৰহণৰ পাছৰ পৰাই ৰাজ্যত অধিক বৃদ্ধি পাইছে সশস্ত্ৰ সংগঠনটোত যোগদান কৰা যুৱক-যুৱতীৰ সংখ্যা।
- Log in to post comments
- 13 views