আজি বিজেপিৰ ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস

A

নিউজ ডেস্ক:

ভাৰতীয় জনতা পাৰ্টীৰ আজি ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস।গুৱাহাটী বশিষ্ঠ চাৰিআলিত নিৰ্মাণ কৰি থকা ৰাজ্যিক বিজেপি কাৰ্যালয়ত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় দলৰ প্ৰতিষ্ঠা দিৱস।অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে ৰাজ্যিক বিজেপি কৰ্মকর্তাসকল উপস্থিত থাকে।

নিৰ্মীয়মান ৰাজ্যিক কাৰ্যালয় জুলাই মাহত সম্পূৰ্ণ হ’ব।কাৰ্যালয়টো ইয়াত হলে মানুহৰ দুখ কষ্ট কমিব।১৯খন জিলাত কাৰ্যালয় নিৰ্মান হ’ল আৰু ১১খনত নিৰ্মাণৰ কাম আগবাঢ়িছে।চলিত বৰ্ষৰ পৰা অহা তিনিবছৰৰ ভিতৰত প্ৰতিটো মণ্ডলত একোটা কাৰ্যালয় হ’ব-প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ  শৰ্মাই এইদৰে কয়।

ইফালে দলৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত ৰঙিয়া নগৰ মণ্ডলে আয়োজন কৰা দলৰ প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন কৰে।লগতে কাৰ্যকর্তাসকলে ৰঙিয়া গান্ধী মণ্ডপৰ পৰা উলিওৱা ৰেলিতো অংশগ্ৰহণ কৰে।

Your Comments