
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত খোৱাপানীৰ দৈনিক নাটনিয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ খাৰঘুলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্পত নিতৌ অপচয় হৈ আছে হাজাৰ হাজাৰ লিটাৰ পানী।গুৱাহাটী উন্নয়ন বিভাগ তথা জিএমচিৰ কৰ্তৃপক্ষৰ অৱহেলাৰ ফলতে অপচয় হৈছে হাজাৰ হাজাৰ লিটাৰ পানী।পানীযোগান প্ৰকল্পটোৰ পানীৰ টেংকীটো মেৰামতি নকৰাৰ ফলত টেংকীটোৰ চাৰিওফালে কেইবা স্থানতো ফাঁট মেলি প্ৰতি দিনে ব্যয় হৈছে হাজাৰ হাজাৰ লিটাৰ পানী।কিন্তু কাণসাৰ নাই চৰকাৰ তথা জিএমচিৰ।প্ৰায় ৫-৬ বছৰ ধৰি পানী অপচয় হৈ আছে প্ৰকল্পটোত।যাৰ ফলত মহানগৰবাসীয়ে পৰ্যাপ্ত খোৱা পানীৰ পৰা বঞ্চিত হ’ব লগা হৈছে।উল্লেখ্য যে সাতপুখুৰীৰ পানী যোগান প্ৰকল্পটোৰ ১৫ এম এল ডি পানী যোগান ধৰাৰ ক্ষমতা আছে।প্ৰকল্পটো প্ৰায় ৪০-৫০বছৰীয়া পুৰণি।প্ৰকল্পটোৰ পৰা নিজৰাপাৰ, নৱগ্ৰহ, খাৰঘুলি, লুইতপুৰ , কৈলাশ পুৰ আদি বহুকেইটা অঞ্চলৰ ১০-১২হাজাৰ পৰিয়ালক পানী যোগান ধৰে।
আনহাতে অধিকাংশ পানী যোগান ধৰা পাইপসমূহ ফুটা ।২০১৭-১৮চনৰ পৰা প্ৰকল্পটোত ৩টা পাম্প স্থাপন কৰা হৈছিল যদিও তাৰ পাছত প্ৰকল্পটো মেৰামতিৰ কোনো ধৰণৰ কাম কৰা হোৱা নাই বুলি জি এম চিৰ এক সূত্ৰই প্ৰকাশ কৰে।তেওঁ কয় যে ,গুৱাহাটী পৌৰ নিগমৰ অধীনত তিনিটা পানী যোগান প্ৰকল্প চলি আছে।গুৱাহাটীৰ পৌৰ নিগমৰ এই পানী যোগান প্ৰকল্প তিনিটা ক্ৰমে পানবজাৰ পানী যোগান প্ৰকল্প, খাৰঘুলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্প আৰু কামাখ্যা মন্দিৰৰ ওচৰত থকা কামাখ্যা পানীযোগান প্ৰকল্প।এই প্ৰকল্প তিনিটাত ৮৫টা পানীৰ পাম্প আছে যদিও বৰ্তমান তিনিওটাত মাত্ৰ ৩০টা পাম্পহে সক্ৰিয় হৈ আছে।যি নেকি সমগ্ৰ গুৱাহাটীবাসীক পৰ্যাপ্ত পানী যোগান ধৰাৰ বাবে উপযুক্ত নহয়।
- Log in to post comments
- 21 views