ব্যৰ্থ আৰক্ষী;গুৱাহাটী কিৰণশ্ৰী ৰেছিডেন্সী ডকাইতিৰ ২৪ঘণ্টাৰ পিছতো চিনাক্ত কৰিব পৰা নাই অপৰাধীক

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ বিলাসী ৰেছিডেন্সীত সোমবাৰে দিন-দুপৰতে সংঘটিত ডকাইতি ঘটনাৰ ২৪ঘন্টা পাৰ হ’ল।মহানগৰ স্মাৰ্ট আৰক্ষীয়ে এই পৰ্যন্ত ঘটনাৰ ক্লু'ৱে লাভ কৰা নাই।পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত ছাত্ৰীবাৰী এইচএচৰোডৰ বিলাসী কিৰণশ্ৰী ৰেচিডেন্সীত সংঘটিত হৈছিল ডকাইতি ঘটনা।ইফালে ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত ভুক্তভোগী গৌতম চাজেৰে দাখিল কৰিছে এজাহাৰ।এজাহাৰৰ ভিত্তিত ১৮৬/২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।চিচিটিভিত বন্দী হোৱা দৃশ্যৰ ভিত্তিত তদন্ত চলাই থকা আৰক্ষীয়ে এই পর্যন্ত দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা নাই।
তাৎপৰ্যপূৰ্ণ কথা যে ৰেছিডেন্সীটোত নিয়োজিত চিকিউৰিটিয়ে চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৰ এগৰাকীক কেইদিনমান পূর্বে তাত দেখিছিল বুলিও আৰক্ষীক অৱগত কৰিছে।অৰ্থাৎ এটা দুৰ্বৃত্ত ৰেছিডেন্সীটোত পূর্বতে আহিছিল-এই কথা জনায় তদন্তকাৰী আৰক্ষীয়ে।ডকাইতৰ দলটোৱে হিন্দী ভাষাতে গৃহস্থক নিৰ্দেশ দিছিল কিন্তু নিজৰ মাজত অসমীয়াতো কথা পাতিছিল।
উল্লেখ্য যে এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাত বাস কৰিছিল গৌতম চাজে।দিন-দুপৰতে চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চাজেৰ ঘৰত প্ৰৱেশ কৰি লুট-পাত চলাইছিল।এজাহৰ মতে প্ৰায় ২০লাখ টকা লুটি নিছে ডকাইতৰ দলটোৱে। তাৰ ভিতৰত নগদ ১১লাখ টকা আৰু বাকীসমূহ সোণৰ আ-অলংকাৰ।
গুৰুত্বপূৰ্ণ কথা এই যে সোমবাৰে দিনৰ প্ৰায় ১১.৫০বজাত এই ঘটনা সংঘটিত হৈছিল।ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত ব্যৱসায়ী গৌতম চাজেৰ পত্নী, মাতৃ, সন্তান আৰু এগৰাকী শিক্ষয়ত্ৰী আছিল।

Your Comments