
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা।সোমবাৰে মহানগৰীত দিন দুপৰতে বিলাসী এপাৰ্টমেণ্টত ডকাইতি ঘটনা।পল্টনবজাৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত ছাত্ৰীবাৰী এইচ এচ ৰোডৰ কিৰণশ্ৰী ৰেচিডেন্সিত সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা।এপাৰ্টমেন্টৰ চতুৰ্থ মহলাত থকা গৌতম চাজেৰ ঘৰত সোমাই চাৰিজনীয়া দুৰ্বৃত্তৰ দলটো। ডকাইতৰ দলটোৱে নগদ ১০লাখ টকাৰ লগতে সোণৰ অলংকাৰ লুটি লৈ যায়।খবৰ অনুসৰি সোমবাৰে দিনৰ প্ৰায় ১২.৩০বজাত সংঘটিত হয় এই ঘটনা।ডকাইতি ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত ব্যৱসায়ী গৌতম চাজেৰ পত্নী, মাতৃ, সন্তান আৰু এগৰাকী শিক্ষয়ত্ৰী আছিল।
ইফালে দুৰ্বৃত্তৰ দলটোৱে বাসগৃহটোত কিদৰে প্ৰৱেশ কৰিছিল সমগ্ৰ ঘটনা চিচি কেমেৰাত বন্দী হৈছে।দুগৰাকী দুৰ্বৃত্তই মুখত মাস্ক পৰিধান কৰি আহিছিল যদিও দুজনৰ মুখত মাস্ক নাছিল।ইতিমধ্যে আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে।
তাৎপৰ্যপূৰ্ণ কথা যে এপাৰ্টমেণ্টটোত তিনি গৰাকীকৈ চিকিউৰিটি নিয়োজিত আছিল।ঘটনা সংঘটিত হোৱাৰ সময়ত এজন নিৰাপত্তাৰক্ষী আৱাসগৃহটোত কৰ্মৰত অৱস্থাত আছিল। আৰক্ষীয়ে তেওঁলোকক সোধপোচ অব্যাহত ৰাখিছে।উল্লেখ্য যে আবাসগৃহটোত মুঠ ১৫টা পৰিয়াল বাস কৰে।
- Log in to post comments
- 16 views