
নিউজ ডেস্ক:
ৰঙালী বিহুৰ পাছতেই গুৱাহাটী মহানগৰীত বৃদ্ধি পাব ফ্লেটৰ দাম।প্ৰতি বৰ্গফুটত বৃদ্ধি পাব ৬০০টকা।আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ এক সংবাদমেলত এই কথা জনায় আসাম ৰিয়েল ষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ এছ'চিয়েশ্বনে।গৃহ নিৰ্মাণৰ সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিছে নিৰ্মাণ খণ্ডত।গৃহ নিৰ্মাণৰ ১৯বিধ সামগ্ৰীৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পোৱাত ফ্লেটৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে ২০২০চনৰ তুলনাত গৃহ নিৰ্মাণ সামগ্ৰীৰ মূল্য ৩৭.৫০% বৃদ্ধিৰ কথা সংবাদমেলত আসাম ৰিয়েল ষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ এছ'চিয়েশ্যন(এৰিডা )ৰ সভাপতি পি কে শৰ্মাই কয়।বিহুৰ পিছত বৃদ্ধি পাব লগা মূল্যবৃদ্ধিৰ আঁৰত জড়িত আছে বহুকেইটা কাৰণ।ব্যয় বৃদ্ধিৰ ফলত ৰিয়েল ষ্টেট খণ্ডৰ প্ৰকল্পসমূহ প্ৰায় স্থবিৰ হৈ পৰিছে।বিশেষকৈ বহনযোগ্য ঘৰ এতিয়া অসম্ভৱ হৈ পৰিছে।অসমৰ বিল্ডাৰসকল উদ্বেগজনক পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু জীয়াই থাকিবলৈ কিছুমান কঠোৰ ব্যৱস্থা লোৱাৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈ পৰিছে।নিৰ্মাণ প্ৰকল্পৰ পৰা অৰ্জন কৰা ৰাজহে আনকি নিৰ্মাণৰ ব্যয় সামৰি ল'ব পৰা নাই-সভাপতি শৰ্মাই কয়।
কোভিড-১৯ৰ বিপৰ্যয়ৰ পাচত মূল্যবৃদ্ধিৰ সংকটে ৰিয়েল ষ্টেট ডেভ'লপাৰ্চসকলৰ ওপৰত গুৰুতৰ আঘাত দিছে। কিয়নো আনুমানিক সময়সীমা আৰু নিৰ্ধাৰিত ব্যয়ত প্ৰকল্প সম্পূৰ্ণ কৰাটো অসম্ভৱ হৈছে।বিশেষকৈ ৰডৰ বাবে পৰিস্থিতি ইমানেই বেয়া যে যোগানকাৰীসকলে উচ্চমূল্যতো অৰ্ডাৰ ল'বলৈ ইচ্ছুক নহয়- শৰ্মাই কয়।
বর্তমানৰ পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাই হওঁক বা চৰকাৰৰ আন আন্তঃগাঁথনি প্ৰকল্পই হওঁক, সকলো নিৰ্মাণ কাৰ্য গুৰুতৰভাৱে প্ৰভাৱিত হৈছে।বিক্ৰী নোহোৱা ফ্লেটৰ মূল্য বৃদ্ধিত বাধা নাই যদিও অগ্ৰিম বুকিং কৰা ফ্লেটৰ মূল্যবৃদ্ধি কৰাত বাধা আছে।কিন্তু বৰ্তমানৰ পৰিস্থিতিত পূৰ্বতে বুকিং কৰা মূল্যত ফ্লেটবিক্ৰী কৰাটো অসম্ভৱ হৈ পৰিছে।কাৰণ নিৰ্মাণ ব্যয় বহু বৃদ্ধি পাইছে- লগতে তেওঁ কয়।
তাৎপৰ্যপূৰ্ণ কথা এই যে মহাৰাষ্ট্ৰ আৰু এনচিআৰ ডেভ'লপাৰ্চসকলে ইতিমধ্যে নিৰ্মাণ সামগ্ৰী ক্ৰয় বন্ধ কৰি দিছে আৰু মূল্য যুক্তিসঙ্গত নোহোৱালৈকে কাম বন্ধ কৰিছে।দেশৰ বহু ৰাজ্যই এই সিদ্ধান্ত লৈছে। বিগত আঢ়ৈ বছৰত ৰড, চিমেণ্ট আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি হৈ থকা বুলি লগতে তেওঁ কয়।
- Log in to post comments
- 17 views