
নিউজ ডেস্ক:
ৰাজ্যসভাৰ সাংসদ হিচাপে শপত ললে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে।সোমবাৰে শপত লয় দুয়োজন নৱ-নিৰ্বাচিত অসমৰ সাংসদে।অসমীয়াত সাংসদ হিচাপে শপত লয় মাঘেৰিটাই; বিপৰীতে বড়ো ভাষাত শপত লয় ৰণগৌৰা নাৰ্জাৰীয়ে।অধ্যক্ষ এম ভেংকেয়া নাইডুৱে শপত বাক্য পাঠ কৰায় দুয়োজনকে ।উল্লেখ্য যে ৩১মাৰ্চত অনুষ্ঠিত হৈছিল অসমৰ দুখন আসনৰ বাবে নিৰ্বাচন।দুয়োখন আসনতে বিজেপিৰ মিত্ৰজোঁটে জয়লাভ কৰিছিল।তাৎপৰ্যপূৰ্ণ কথা যে ৰাজ্যসভাৰ দ্বিতীয়খন আসনত কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰা পৰাজিত হৈছিল।
- Log in to post comments
- 4 views