
নিউজ ডেস্ক:
"কংগ্ৰেছমুক্ত উত্তৰ-পূৰ্বাঞ্চল।এই ধাৰা আগন্তুক দিনতো অব্যাহত থাকিব।অসমৰ ৰাজ্যসভা নিৰ্বাচনত দুয়োখন আসন বিজেপিয়ে লাভ কৰাৰ পাছত শনিবাৰে এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।গুৱাহাটী হেঙেৰাবাৰীস্থিত বিজেপি ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ সংবাদমাধ্যমত মুখ্যমন্ত্ৰীয়ে এআইইউডিএফৰ যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ অসমীয়া ভাষা বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে।তেওঁ কয় যে ,চিৰাজুদ্দিনে অসমীয়া ভাষাক লৈ কৰা মন্তব্য গ্রহণযোগ্য নহয়।মুখ্যমন্ত্ৰীৰ মতে চিৰাজুদ্দিন যিমানে ইন্টাৰনেশ্যলেন মানুহ নহওঁক কিয় মাটিত ভৰি থাকিব লাগে।মাটিত যাৰ ভৰি নাথাকে সেই মানুহ ইন্টাৰনেশ্যনেল হ'ব নোৱাৰে।বিধায়ক গৰাকীক অসমীয়া শিকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
আনহাতে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰসংগত কয় নিৰ্বাচন বিজেপিৰ বাবে মাইলৰ খুঁটা।UPPLৰ বাবেও এই নিৰ্বাচন মাইলৰ খুঁটা।কংগ্ৰেছ, চিপিআই(এম), আৰু ৰাইজৰ দলকো ধন্যবাদ জনোৱাৰ লগতে অনিচ্ছা স্বত্বেও AIUDF ক ধন্যবাদ জনোৱা বুলি তেওঁ কয়।আজমলৰ সভ্যতাৰ বিৰুদ্ধে বিজেপি যুঁজি আছে।মুখ্যমন্ত্ৰীৰ মতে “আজমল তেওঁৰ শত্ৰু নহয়, আজমলৰ সভ্যতাহে শত্ৰু।”
- Log in to post comments
- 12 views