
নিউজ ডেস্ক:
শণিবাৰে ভাৰতীয় চিকিৎসক সন্থাৰ ৰাষ্ট্ৰযোৰা প্ৰতিবাদী কাৰ্যসূচী পালন।দেশৰ লগতে ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন, অসম ৰাজ্যিক শাখাই পালন কৰে ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস।ৰাজস্থানৰ প্ৰসূতী বিভাগৰ চিকিৎসক ডা: অৰ্চনা শৰ্মাৰ মৃত্যুৰ ন্যায় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত ৰাজ্যিক সভাপতি ডা: সত্যজিৎ বৰাই কয় যে দেশত চিকিৎসক নিগ্ৰহৰ ঘটনা সংঘটিত হৈ আহিছে।২৯মাৰ্চত ৰাজস্থানৰ আনন্দ হাস্পতালত কৰ্মৰত জ্যেষ্ঠ প্ৰসূতি বিভাগৰ চিকিৎসক ডা: অৰ্চনা শৰ্মাই আত্মহত্যাৰ দৰে পথ বাছি লবলগীয়া হৈছে।তেওঁ ৰোগী এগৰাকীৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত ৰক্তক্ষৰণ হৈ ৰোগী জনৰ মৃত্যু হয়।ইয়াৰ পিছতে চিকিৎসকগৰাকীয়ে ৰোগীজনক হত্যা কৰা বুলি থানাত গোচৰ ৰুজু কৰা হয় ।মানসিক চাপত ভুগি চিকিৎসক গৰাকীয়ে ২৯ মাৰ্চত আত্মহত্যাৰ দৰে চৰম পথ বাছি লয়। তেওঁ চুইছাইড নোটত নিজকে নিৰ্দোষী সজাবলৈ আত্মহত্যাৰ পথ বাছি লোৱা বুলি উল্লেখ কৰিছে।
ডা: অৰ্চনা শৰ্মাৰ ন্যায়ৰ দাবীত দেশজুৰি কলাবেজ পৰিধান কৰি চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰিও ডা: শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনায়।লগতে কয় যে ,চিকিৎসক নিগ্ৰহৰ ঘটনাৰ যতি পেলাবলৈ ভাৰত চৰকাৰে কঠোৰ আইন কাৰ্যকৰী কৰিব লাগে।
- Log in to post comments
- 8 views