
নিউজ ডেস্ক:
ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন দাখিল।আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটিয়ে অসম চৰকাৰক দাখিল কৰে ন্যায়িক তদন্ত প্ৰতিবেদন।অসম চৰকাৰৰ অধ্যক্ষ সচিব নিৰজ বাৰ্মাৰ হাতত অপৰ্ণ কৰে ন্যায়িক প্ৰতিবেদন।উল্লেখ্য যে ন্যায়িক প্ৰতিবেদন আৰু যাৱতীয় নথি-পত্ৰ পৃথক পৃথককৈ প্ৰদান কৰিছে কমিটিখনে।তদন্তৰ প্ৰতিবেদন প্ৰায় ৭০০পৃষ্ঠাৰ লগতে বিসংগতিপূৰ্ণ নথি-পত্ৰ প্ৰায় ৫০০০পৃষ্ঠাৰ বুলি সংবাদ মাধ্যমক অৱগত কৰে ন্যায়াধীশ শৰ্মাই।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,শুকুৰবাৰে পদোন্নতি লাভ কৰা অসম চৰকাৰৰ বহুকেইজন ৰাজপত্ৰিত বিষয়াৰ নাম প্ৰতিবেদনত উল্লেখ আছে।অৰ্থাৎ ন্যায়িক তদন্তৰ প্ৰতিবেদনত ৰাজ্য চৰকাৰে পদোন্নতি দিয়া বহুকেইজন ৰাজপত্ৰিত বিষয়াৰ নামো সন্নিবিষ্ট হৈ আছে- এই কথা জনাইছে শৰ্মাই।
উল্লেখ্য যে ৰাকেশ পালৰ দিনত ২০১৩চনত বক্ৰপথেৰে চাকৰি লোৱা অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ হাতত পূর্বে গ্ৰেপ্তাৰ হোৱা ৩৯জন এচিএছ, এপিএছ তথা অন্যান্য সংলগ্ন সেৱাৰ লগতে ৪০জন গ্ৰেপ্তাৰ নোহোৱা ৰাজপত্ৰিত বিষয়াৰ নাম তদন্তৰ প্ৰতিবেদনত থকাৰ কথা ব্যক্ত কৰে ন্যায়াধীশ গৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে ,উচ্চ ন্যায়ালয়ৰ নির্দেশ মৰ্মে গঠন কৰা হৈছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক লৈ এজনীয়া ন্যায়িক তদন্ত কমিটি।
ইফালে প্ৰতিবেদন দাখিল কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৰাকীয়ে কয়-যথেষ্ট বিসংগতি পোৱা গৈছে তদন্তত।বিসংগতিপূৰ্ণ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লয়।কিন্তু দুটা প্ৰশ্ন অৱতাৰণা হ’ব পাৰে ৷অপৰাধী গোচৰ শেষ নোহোৱালৈ একো কৰিব নালাগে বা বিভাগীয় প্ৰছেডিং লব লাগিব।শৰ্মাই কয় চৰকাৰে অতি শীঘ্ৰে বিহীত ব্যৱস্থা লব পাৰে।কাৰণ এইখিনি চাকৰিত সোমোৱা বিসংগতি।চাকৰি কৰি থকা বিসংগতি নহয়।চাকৰিৰ পৰা উলিয়াই দিয়াৰ দৰে ব্যৱস্থা লব পাৰে।
তাৎপৰ্যপূৰ্ণ কথা যে তদন্তত ভুৱা উত্তৰবহী, ভিতৰৰ পেজ বদলি, নম্বৰৰ বিসংগতি আদি বহুতো আছে।
- Log in to post comments
- 12 views