
নিউজ ডেস্ক:
অসমীয়া ভাষাক চূড়ান্তভাৱে অপমানকাৰী বিধায়ক চিৰাজুদ্দিন আজমলে সামাজিক মাধ্যমৰ জৰিয়তে মন্তৱ্য কৰি কয় যে ,নিৰ্বাচিত অংশ ব্যৱহাৰ কৰি পানী ঘোলা নকৰে যেন ।বিধায়ক গৰাকীয়ে নিজকে ভাষাৰ প্রতি দায়বদ্ধতাৰ পৰিচয়েৰে নিজৰ ফেচবুক পেজত প্রকাশ কৰিছে দ্বিতীয়তো প্ৰতিক্ৰিয়া।অসমীয়া ভাষা বিতৰ্ক সন্দৰ্ভত মোৰ অন্তিম বাক্য বুলি উল্লেখ কৰি লিখিছে- আপোনালোকে যদি মোৰ সামাজিক মাধ্যমৰ পোষ্টবোৰ চাই তেন্তে দেখা পাব আন ভাষাৰ লগতে কথাবোৰ অসমীয়াতো তুলি ধৰো।এইয়া মোৰ নিজৰ ওপজা ঠাইৰ ভাষাৰ প্ৰতি থকা মোৰ ভালপোৱা আৰু দায়বদ্ধতাৰ নিদৰ্শন নহয় নেকি!মোৰ শেহতীয়া সংবাদ কৰ্মীৰে কঠোপকথনবোৰ চাই দেখা পাব বেছিভাগেই অসমীয়াত।বন্ধু আৰু শুভাকাংশীসকলক অনুৰোধ কৰিছোঁ নিৰ্বাচিত অংশ ব্যৱহাৰ কৰি পানী ঘোলা নকৰিব"।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,অসম বিধানসভাত ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল প্ৰসংগত সাংবাদিকে শুকুৰবাৰে এক প্ৰশ্ন কৰিছিল বিধায়ক গৰাকীক।বিধায়ক গৰাকীয়ে উত্তৰ ইংৰাজীত দিয়াত সাংবাদিকে অসমীয়াত উত্তৰটো দিয়াৰ আহ্বান কৰিছিল।তাতে তেওঁ অসমীয়া ভাষাটোক তুচ্চ -তাচ্ছিল্য কৰে ।যমুনামুখ সমষ্টিৰ বিধায়কজনে কয়- “মই অসমীয়া নকওঁ।অসমীয়া মানুহ কেইটা আছে আৰু কেইটাই বুজি পাই অসমীয়া!আজমল ইণ্টাৰনেচনেল মানুহ, এআইইউডিএফ ৰাষ্ট্ৰীয় দল।আমি ইংৰাজীহে কম"।
ইফালে বিধায়ক গৰাকীৰ এই মন্তৱ্যৰ পাছতেই বিভিন্ন জনে তীক্ষ্ণ সমালোচনা কৰিছিল।সমালোচনাৰ পাছতে অসমীয়া ভাষাৰ বাবে আজমল আৰু পৰিয়ালে কি কাম কৰিছে হোজাইলৈ আহি চাই যাব বুলিও সামাজিক মাধ্যমত বিধায়ক গৰাকীয়ে কয়।লগতে অসম সাহিত্য সভাৰ আজীৱন সদস্য বুলিও পৰিচয় জাহিৰ কৰে।
- Log in to post comments
- 28 views