ভাষাক অপমানকাৰী বিধায়ক চিৰাজুদ্দিনক উভতি ধৰাৰ সাহস নাই বৰ্তমানৰ অসম সাহিত্য সভাৰ

A

নিউজ ডেস্ক:

অসমীয়া ভাষাক চূড়ান্তভাৱে অপমান কৰা যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নাই অসম সাহিত্য সভাৰ।অসমীয়া ভাষাক চূড়ান্তভাৱে অপমানেৰে শুকুৰবাৰে অসম বিধানসভাৰ চৌহদত এআইইউডিএফৰ বিধায়ক জনে তুচ্ছ-তাচ্ছিল্য কৰাৰ ২৪ঘন্টাৰ পাছতো শক্তিশালী প্ৰতিক্ৰিয়া দিবলৈ সাহসে নহল অসম সাহিত্য সভাৰ।উল্লেখ্য যে ,ভাষাক অপমান কৰা বিধায়ক আজমলে অসমীয়াৰ জাতীয় স্বাভিমান অসম সাহিত্য সভাৰ আজীৱন সদস্য বুলি সামাজিক মাধ্যমত নিজকে স্পষ্টকৈ পৰিচয় দিছে।অসমীয়া জাতীয় সত্তাৰ আজীৱন সদস্য হৈয়ো অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা আজমলক সমালোচনা কৰাৰো সামান্য সাহস নাই অসম সাহিত্য সভা নেতৃত্বৰ।শনিবাৰে গুৱাহাটীস্থ অসম সাহিত্য সভাৰ কাৰ্যালয়ত বিধায়ক চিৰাজুদ্দিনৰ মন্তব্যৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ নেতৃত্বৰ প্ৰতিক্ৰিয়া বিচৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে বিধায়ক গৰাকীয়ে  অসমীয়া ভাষাক অপমান কৰা মন্তৱ্যক উভতি ধৰিবলৈ সাহসে নহল কেন্দ্ৰীয় নেতৃত্বৰ ৷
"অসমীয়া ভাষাক কোনে চিনি পায়, মই অসমীয়া ভাষা নকওঁ।অসমীয়া কেইটা আছে।আজমল ইন্টাৰনেচনেল মানুহ।এআইইউডিএফ ৰাষ্ট্ৰীয় দল।মই ইংৰাজীহে কম"- এই তীৰ্যক মন্তৱ্য প্ৰকাশ কৰিছিল বিধায়ক গৰাকীয়ে।
ইফালে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক যাদৱ শৰ্মাক সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত তেওঁ কয়- আমি এই বিষয়ত আজি মন্তৱ্য নিদিওঁ।কোনোবাই মাতৃভাষাক অপমানসূচক মন্তৱ্য কৰিলে অসম সাহিত্য সভাই তাৰ বিৰুদ্ধে মাত মাতিব।অন্য কামত ব্যস্ত থকা বাবেই এই বিষয়টোত আজি মন্তৱ্য নিদিওঁ।
আনহাতে চিৰাজুদ্দিন অসম সাহিত্য সভাৰ আজীৱন সদস্য কেতিয়াৰ পৰা বুলি প্ৰশ্ন কৰাত সাধাৰণ সম্পাদক শৰ্মাই কয়-এই কথাবোৰ চাব লাগিব মই যিহেতু নতুন।৪১ হাজাৰ আজীৱন সদস্য আছে।গতিকে একেষাৰতে আজীৱন সদস্য হয় বা নহয় ক’ব নোৱাৰিম।ইফালে যদি আজীৱন সদস্য হয় তেন্তে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে  বুলি সাধাৰণ সম্পাদকক প্ৰশ্ন কৰাত তাৰ কোনো উত্তৰয়েই নিদিলে।
তাৎপৰ্যপূৰ্ণ কথা যে অসম সাহিত্য সভাৰ সভাপতিয়ে এই অসমীয়া ভাষাক অপমান কৰা বিষয়টোত সম্পূৰ্নৰূপে মৌনতা অৱলম্বন কৰিছে।বিশেষ সূত্ৰৰ খবৰ অনুসৰি সমগ্ৰ বিষয়টোত অসম সাহিত্য সভাৰ অন্য শীর্ষ নেতৃত্বসকলক সভাপতিয়ে মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিবলৈ মৌখিক নিৰ্দেশ প্ৰদান কৰিছে।

Your Comments