
নিউজ ডেস্ক:
'মই অসমীয়া নকওঁ, অসমীয়া মানুহ কেইটা আছে আৰু কেইটাই অসমীয়া বুজি পাই।আজমল ইণ্টাৰনেছনেল মানুহ, এআইইউডিএফ ৰাষ্ট্ৰীয় দল, আমি ইংৰাজীহে কম'- অসমীয়া ভাষাক চুড়ান্ত অপমান কৰি এই মন্তৱ্য বিধায়ক চিৰাজুদ্দিন আজমলৰ।দুনিয়াৰ কোন মানুহে অসমীয়া জানে।মই ইন্টাৰনেচনেল মানুহ ইংৰাজীত নকলে বুজি নাপাব ,অসম বিধানসভাৰ বাহিৰত এই তীৰ্যক মন্তৱ্য আজমলৰ।
উল্লেখ্য যে ,এআইইউদিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল যমুনামুখ সমষ্টিৰ বিধায়ক।সদ্যঘোষিত ৰাজ্যসভা নিৰ্বাচনৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এইদৰে কয় বিধায়ক গৰাকীয়ে।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,ৰাজ্যসভা নিৰ্বাচনত এআইইউডিএফৰ ১৫ জন বিধায়কে কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাক ভোটদান কৰিছে।কোনে ভোট দিয়া নাই সেয়া তদন্ত কৰক বুলি কয় আজমলে।
- Log in to post comments
- 9 views