থলুৱা ভূমিহীনক ভূমি প্ৰদান আৰু বহিৰাগত বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰৰ বিৰোধিতাৰে কৃষক মুক্তিৰ বিক্ষোভ

A

নিউজ ডেস্ক:

ৰাজ্যৰ থলুৱা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান আৰু বহিৰাগত পুঁজিপতি বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰ বন্ধ কৰাৰ দাবীৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ ।গুৱাহাটী ক্লাবৰ ৰটাৰীত আজি সংগঠনটোৱে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী।ভণ্ডবাবা ৰামদেৱক মাটি দিয়া বন্ধ কৰক, থলুৱা ভূমিহীনক ভূমি প্ৰদান কৰক, বিজেপি চৰকাৰ হায় হায়, গুৱাহাটী পাহাৰত থকা থলুৱাই মাটি পাব লাগিব আদি বিভিন্ন শ্লোগান প্ৰদান কৰে প্ৰতিবাদী কৃষক মুক্তি কর্মীসকলে।যিয়ে জাতি, মাটি ,ভেঁটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল তেওঁলোকে ২০১৬ চনৰ পৰা কোনো থলুৱা ভূমিহীনক গুৱাহাটীত ভূমি প্ৰদান কৰা নাই।থলুৱাক ভূমি প্ৰদান নকৰি বহিৰাগত বণিয়াক ভূমি হস্তান্তৰ কৰি আহিছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শাসনত আহিয়েই বিধানসভাত গুৱাহাটীৰ ভূমিহীনক মাটি প্ৰদান কৰা হ’ব বুলি কৈছিল।কিন্তু সেইয়া নাটক আছিল।কাৰণ ৯মাহে একো নকৰিলে- প্ৰতিবাদত অংশগ্ৰহণ কৰি সভাপতি দেৱেন শৰ্মাই এইদৰে কয়।
উল্লেখ্য যে বিক্ষোভ কাৰ্যসূচীত তেওঁলোকৰ দাবীসমূহ হৈছে- প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক ৮বিঘা পৰ্যন্ত ভূমি অধিকাৰ প্ৰদান।বন অধিকাৰ আইন-২০০৬ মৰ্মে বনাঞ্চলত বসবাস কৰা প্ৰতিটো জনজাতীয় আৰু অন্য শ্রেণীৰ লোকক বনগাঁওবাসী হিচাপে স্বীকৃতিৰে ভূমিৰ অধিকাৰ অৰ্পণ কৰিব লাগে।
ইয়াৰ উপৰিও ২০১১চনৰ ভিত্তিত গুৱাহাটীৰ বিভিন্ন স্থানত থকা প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক ডেৰ কঠা পৰ্যন্ত ভূমি প্ৰদানৰো দাবী জনায়।
অসমৰ ভূমি যাতে বহিৰাগত বণিয়াক হস্তগত কৰিব নোৱাৰে তাৰ বাবে এখন নতুন প্ৰগতিশীল ভূমি আইন শীঘ্ৰে প্ৰস্তুতৰ দাবী জনায় বিক্ষোভস্থলীৰ পৰা।
আনহাতে বিক্ষোভ কাৰ্যসূচীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Your Comments