গাড়ীগাঁও ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি এনকাউণ্টাৰৰ তদন্ত ঘোষণা; ক’ত আছে অন্য ৪ অভিযুক্ত!

A

নিউজ ডেস্ক:

গুৱাহাটী গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ মাষ্টাৰমাইণ্ড বিকি আলীক এনকাউন্টাৰৰ তদন্ত ঘোষণা।কামৰূপ(ম) জিলা দণ্ডাধীশে ঘোষণা কৰিছে মৃত্যুৰ তদন্ত।অভিযুক্ত বিকি আলিৰ মৃত্যু তদন্তৰ প্ৰতিবেদন ১৫দিনৰ ভিতৰত জমা দিয়াৰ নিৰ্দেশ।উল্লেখ্য যে , অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক তদন্তৰ দায়িত্ব অপৰ্ণ কৰা হৈছে।
গুৰুত্বপূৰ্ণ কথা এই যে পানবজাৰ মহিলা আৰক্ষী থানাই বিকি আলীক লগত লৈ ধৰ্ষণকাণ্ডৰ অন্য সহযোগীসকলক বিচাৰি অভিযান চলাবলৈ ১৫মাৰ্চত গড়ভঙা পাহাৰলৈ  নিয়া সময়তে আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছিল ধৃত অভিযুক্তৰ।ইফালে অতিৰিক্ত দণ্ডাধীশজনক কাৰ্যবাহী দণ্ডাধীশ ৰিমজিম কোঁৱৰক তদন্তত সহায় কৰিবলৈ নির্দেশ দিছে।তদন্তৰ প্ৰতিবেদন অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক ১৫দিনৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে দলবদ্ধ ধৰ্ষণকাণ্ডৰ অন্য ৪জন অভিযুক্তৰ আজি পৰ্যন্ত শুং-সূত্ৰ নাই বুলিও আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।আনহাতে ৰহস্যজনক কথা যে ঘটনাৰে জড়িত দুই অভিযুক্ত পোনা আলী আৰু ফইজুল আলীক ১৮মাৰ্চত মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি এক বাতৰি প্ৰকাশ পাইছিল।কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত আজিলৈকে কোনো আনুষ্ঠানিক ভাষ্য প্ৰকাশ নকৰিলে।পানবজাৰ মহিলা থানাত ৮মার্চত ৰুজু হোৱা গোচৰৰ আজি পৰ্যন্ত ৪অভিযুক্তক গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰাটোৱে পুনৰ এবাৰ আৰক্ষীৰ ব্যৰ্থতাকে প্ৰকাশ কৰিছে।পানবজাৰ মহিলা আৰক্ষী থানাৰ ১৯/২২নম্বৰত ৰুজু হোৱা গোচৰত বিকি আলিয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল বুলিহে পৰিয়ালে দাবী কৰি আহিছে।
উল্লেখ্য যে ১৬বছৰীয়া এগৰাকী কিশোৰীক যোৱা ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত পাঁচ লম্পতে দলবদ্ধ ধর্ষণ কৰিছিল।তাৰ পাছতে কিশোৰীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ।

Your Comments