চিত্ৰশিল্পী নীলিম মহন্তৰ জামিন মঞ্জুৰ

A

নিউজ ডেস্ক:
চিত্ৰশিল্পী নীলিম মহন্তৰ অৱশেষত জামিন মঞ্জুৰ।বৃহৎ নদীবান্ধ বিৰোধিতাৰে দেৱাল অংকন কৰি অৰুণাচল আৰক্ষীৰ হাতত দুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল চিত্ৰশিল্পী গৰাকী।লখিমপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল চিত্ৰ শিল্পী মহন্তক।
উল্লেখ্য যে অৰুণাচল সচিবালয়ৰ দেৱালত বৃহৎ নদীবান্ধ বিৰোধিতাৰে চিত্ৰ অংকন কৰিছিল মহন্তই।তাৎপৰ্যপূৰ্ণ কথা যে পূৰ্বতে অখিল গগৈ কাৰাবন্দী হৈ থাকোঁতে মুকলিৰ বাবে চিত্ৰ অংকন কৰিও অসম আৰক্ষীৰ হাতত আটক হৈছিল মহন্ত।
অৰুণাচল আৰক্ষীয়ে দুদিনৰ নিজৰ জিম্মাত লৈছিল চিত্ৰশিল্পী গৰাকীক।

Your Comments