
নিউজ ডেস্ক:
অসম বিধানসভাত শাসক-বিৰোধী বিধায়কৰ আচৰণ আৰু নাক-দাঁতৰ সুৰক্ষাৰ স্বাৰ্থত স্মাৰক পত্ৰ প্ৰদান। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ মঙলবাৰে স্মাৰক পত্ৰ প্ৰদান কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে।চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত শাসক-বিৰোধী বিধায়কৰ কথা-বতৰা আচৰনে এই পত্ৰখন লিখিবলৈ বাধ্য কৰিছে।বাজেট অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰত দেখিবলৈ পাইছো পবিত্ৰ সদনক গৰুৰ গোহালিলৈ ৰূপান্তৰ কৰিছে।গাঁৱত নদাই ভদাইয়ে পুৱা-গধূলি কাজিয়া কৰাৰ দৰে বিধায়কসকলে কাজিয়াৰ পৰিস্থিতি সৃষ্টি কৰিছে।হাঁহি খিকিন্দালি আৰু ঠাট্টা মস্কৰাৰে অবৰ্ণনীয় পৰিৱেশ বিৰাজমান কৰি- গাঁৱৰ খালী পথাৰত এজাক ফুকলীয়া ল’ৰাই যেন টেঙা বলহে খেলি আছে-স্মাৰক পত্ৰত এইদৰে উল্লেখ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।
গুৰুত্বপূৰ্ণ কথা এই যে ,অসম বিধানসভাৰ শেহতীয়া পৰিৱেশত অস্বস্তিত পৰা সংগঠনটোৱে আৰু কয়-অসমৰ জনগণৰ মাজত জন-প্ৰতিনিধিৰ প্ৰতি বিৰোপ মনোভাৱ সৃষ্টি হোৱাৰ লগতে বিধানসভাৰ পবিত্ৰ সদনৰ মান-মৰ্য্যদাক উপহাস কৰা যেন অনুভৱ হৈছে।আগন্তুক দিনসমূহত এনেকুৱা পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে বিশেষ প্ৰশিক্ষণ ব্যৱস্থাৰ দাবী জনায়।
আনহাতে শেহতীয়াকৈ পশ্চিমবংগ বিধানসভাত হোৱা ঘটনাৰ উদ্ধৃতি দি সংগঠনটোৱে কয়-অসম বিধানসভাৰ এই পৰিৱেশ যদিহে নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে পশ্চিমবংগ বিধানসভাত সংঘটিত হোৱাৰ দৰে বিধায়ক সকলৰ ঘুচিয়া-ঘুচিত নাক-দাঁত ভাঙিব।এই ক্ষেত্ৰত অধ্যক্ষৰ সু-ব্যৱস্থা গ্ৰহনে অসম বিধানসভাৰ মান-মৰ্য্যদা অক্ষুন্ন ৰাখিব লাগে বুলিও স্মাৰক পত্ৰত কয়।
- Log in to post comments
- 75 views