কটনৰ ছাত্ৰাৱাসত পানীৰ নাটনি; কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ ছাত্ৰ একতা সভাৰ

A

নিউজ ডেস্ক:

ৰাজ্যৰ উচ্চশিক্ষাৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয় ছাত্ৰাৱাসত পানীৰ সমস্যা।ছাত্ৰাৱাসৰ আৱাসীয়ে দীৰ্ঘদিন ধৰি পৰ্যাপ্ত পানী নোপোৱাৰ অভিযোগ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ।আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পানীৰ লগতে অন্যান্য বহু কেইটা সমস্যাৰ বিষয়ে অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান ছাত্র একতা সভাৰ।দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধান কৰাৰ আহ্বানেৰে প্ৰদান কৰা স্মাৰক পত্ৰত উল্লেখ থকা মতে ছাত্ৰাৱাসসমূহত যোগান ধৰা পানী পৰ্যাপ্ত নহয় আৱাসীৰ বাবে।
আনহাতে স্মাৰক পত্ৰত পানীৰ উপৰিও বিশ্ববিদ্যালয় খনৰ ৱেবচাইটৰ সমস্যাসমূহ আঁতৰাই উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰাৰ দাবী জনায়।উল্লেখ্য যে শিক্ষানুষ্ঠানৰ অফিচিয়েল ৱেবচাইট ব্যৱহাৰত বহু সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে।
ইফালে বিশ্ববিদ্যালয়খনৰ যিকোনো সমস্যা অভিযোগ দিয়াৰ বাবে এটা হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিব লাগে।যি নেকি দিনটোত ১২ঘণ্টা সক্ৰিয় হৈ থাকে।
বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনাৰ্থে সপ্তাহৰ ৭দিনেই মুকলি ৰখাৰ দাবী জনায় স্মাৰক পত্ৰ খনত।
ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক এইসমূহ দাবী সম্বলিত স্মাৰক পত্ৰ আজি প্ৰেৰণ কৰে।

Your Comments