
নিউজ ডেস্ক:
ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিশ্ববিদ্যালয় ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ অহা ৩০মার্চত অনুষ্ঠিত হ’ব।গুৱাহাটী বেতকুছিস্থিত বিশ্ববিদ্যালয়ৰ চৌহদত সমাৰোহখন অনুষ্ঠিত কৰিবলৈ লোৱাৰ কথা সোমবাৰে এখন সংবাদমেলত অৱগত কৰে উপাচাৰ্য ড° এচ পি সিং আৰু অধ্যক্ষ ড°এ কে বুঢ়াগোহাঁয়ে। উল্লেখ্য যে প্ৰথমবাৰলৈ বিশ্ববিদ্যালয়খনে আয়োজন কৰা দীক্ষান্ত সমাৰোহ আচার্য ড° অশোক কুমাৰ পানচাৰিয়ে উদ্বোধন কৰিব।অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ পৰিদৰ্শক অধ্যাপক জগদীশ মুখী উপস্থিত থাকিব।ইয়াৰ উপৰিও দিল্লী বিশ্ববিদ্যালয়ৰ উপাচার্য যোগেশ সিঙে অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,বিশ্ববিদ্যালয়খনে প্ৰথম সমাৱৰ্তনত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৈজ্ঞানিক অধ্যাপক চি এন আৰ ৰাও, অসমৰ বিশিষ্ট সাহিত্যিক অধ্যাপক ডঃ নগেন শইকীয়া আৰু উদ্যোগী তথা সমাজ সেৱক সজ্জন ভজাংকক সন্মানীয় ডিলিট উপাধি প্ৰদান কৰিব।
উল্লেখ্য যে ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ ১৭২৩ জন শিক্ষাৰ্থীক দীক্ষান্ত উপাধি প্ৰদান কৰিব।লগতে উত্তীর্ণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ ৬১জনক স্বর্ণপদক আৰু ৫১ জনক ৰূপ পদকেৰে সন্মানিত কৰিব।একেদৰে বিশেষ দক্ষতা প্ৰদৰ্শন কৰা পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীক আচাৰ্যৰ বিশেষ স্বর্ণ পদক আৰু অন্য ছয়জন সুকীয়া প্ৰতিভাৰ ছাত্ৰ-ছাত্ৰীক স্মাৰকেৰে সন্মানিত কৰিব বুলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সংবাদমেলত অৱগত কৰে।
- Log in to post comments
- 12 views