
নিউজ ডেস্ক:
কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান জনোৱা দুদিনীয়া সাধাৰণ ধৰ্মঘট দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো প্রথমদিনা সামান্য প্ৰভাৱ পৰে।গুৱাহাটী মহানগৰীত সাধাৰণ ধর্মঘটৰ প্ৰভাৱ আংশিক ভাৱে পৰিলক্ষিত হয়।পুৱা ৬বজাৰ পৰা এই দেশজোৰা ধৰ্মঘট কাৰ্যসূচী যোগে শ্রমিক-কৰ্মচাৰী সংগঠনসমূহে কেন্দ্রীয় চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবী জনায়।এই সাধাৰণ ধৰ্মঘটলৈ সমৰ্থন আগবঢ়াইছে অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছচিয়েচন, পৰিবহন কৰ্মচাৰী, ডাক, তেল, বীমা আদিৰ শ্ৰমিক কৰ্মচাৰীয়ে।ফলস্বৰূপে মহানগৰীত একাংশ প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে।সাধাৰণ ধৰ্মঘটত বহুকেইটা ৰাজহুৱা খণ্ডৰ বেংক সোমবাৰে গুৱাহাটী মহানগৰীত বন্ধ হৈ পৰে।
আনহাতে সাধাৰণ ধৰ্মঘটলৈ সমৰ্থন জনাই কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই আজি গুৱাহাটী ক্লাৱৰ ৰটাৰীত প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদথলী।
প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰি লতাশিল থানালৈ লৈ যায়।
- Log in to post comments
- 16 views