
নিউজ ডেস্ক:
"হিমন্ত চৰকাৰৰ দিনত মুক্ত হত্যাৰ ভুৱা এনকাউণ্টাৰৰ কলা অধ্যায় আৰম্ভ হৈছে।অসমৰ ইতিহাসত গুপ্তহত্যা যিদৰে নির্বিত হৈ আছে একেদৰে ভুৱা এনকাউণ্টাৰো নিৰ্বিত হৈ থাকিব।বিজেপি চৰকাৰে অসমত মুকলিকৈ ভুৱা এনকাউণ্টাৰৰ নামত মুক্তহত্যাৰ প্ৰচলন কৰিছে"-অসম বিধানসভাত মন্তব্য কৰিলে অখিল গগৈয়ে।এনকাউণ্টাৰৰ ফলত অসমত ৩০% অপৰাধ হ্ৰাস হোৱা বুলি সদনক অৱগত কৰিছে মন্ত্ৰী পিযুষ হাজৰিকাই।অৰ্থাৎ মন্ত্ৰীয়ে এনকাউণ্টাৰ সমৰ্থন কৰিছে।এনকাউণ্টাৰ চৰকাৰৰ নীতি সেই কথা প্ৰকাৰন্তে স্বীকাৰ কৰিছে- শিৱসাগৰৰ বিধায়ক গৰাকীয়ে কয়।
সোমবাৰে বিধানসভা বাজেট অধিৱেশনত এনকাউণ্টাৰ প্ৰসংগত উত্তাল হয় সদন।ৰাজ্যত শেহতীয়াকৈ সংঘটিত এনকাউণ্টাৰ প্ৰসংগত বিধায়ক অখিলে সদন উত্তাল কৰে।সদনৰ পৰা ওলাই কয়-এনকাউণ্টাৰৰ পাছতেই অসমৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই টুইটৰ জৰিয়তে এনকাউণ্টাৰ কৰা বুলি প্রকাৰন্তে প্ৰকাশ কৰে।বিজেপিয়ে এনকাউণ্টাৰটো তেওঁলোকৰ নীতি হিচাপে লৈছে।যি নেকি গণতান্ত্ৰিক ব্যৱস্থা এটাৰ কাৰণে ভাবুকিস্বৰূপ।
"অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ’ব লাগে, কিন্তু ইয়াৰ অৰ্থ এইটো হ’ব নোৱাৰে আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক ভুৱা এনকাউণ্টাৰেৰে হত্যা কৰিব।এনকাউণ্টাৰৰ তথ্যও ভুলকৈ দিছে বিধানসভাত।বিজেপিৰ ইতিহাসত ভুৱা এনকাউণ্টাৰৰ কলা অধ্যায় লিপিবদ্ধ হৈ থাকিব'- গগৈয়ে কয়।
- Log in to post comments
- 9 views