দুদিনীয়া চকা বন্ধত পৰীক্ষাৰ্থী ক্ষতিগ্ৰস্ত হলেও বন্ধৰ আহ্বান জনোৱা সংগঠনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ব- ধৰ্মকান্ত গগৈ

A

নিউজ ডেস্ক:

ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই আহ্বান জনোৱা চকা বন্ধত ৰাজ্যৰ পৰীক্ষাৰ্থী ক্ষতিগ্ৰস্ত হলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।বন্ধ ঘোষণা কৰা প্ৰতিটো সংগঠনৰ ওপৰত দাখিল কৰা হ’ব এজাহাৰ- এই ঘোষণা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।উল্লেখ্য যে আজি আৰু কাইলৈ(২৮-২৯ মার্চ) ৪৮ঘন্টা চকা বন্ধৰ ঘোষণা কৰিছে ৰাজ্যত।তাৎপৰ্যপূৰ্ণ কথা এই যে ,আজি ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আছে।চকা বন্ধৰ পৰা যদিও পৰীক্ষাৰ্থীক ৰেহাই দিয়া হৈছে কিন্তু যান-বাহন নচলাৰ ফলত সমস্যাৰো সৃষ্টি হৈছে বহু ছাত্ৰ-ছাত্ৰীৰ।আনহাতে দুদিনীয়া চকা বন্ধ সফল কৰাৰ বাবে বন্ধৰ আহ্বান কৰা সংগঠনসমূহে ৰাজ্যৰ ভিন্ন প্ৰান্তত ঠায়ে ঠায়ে টায়াৰ জ্বলোৱা পৰিলক্ষিত হৈছে।

Your Comments