
নিউজ ডেস্ক:
বৃহৎ নদীবান্ধ বিৰোধী শ্লোগান সমৃদ্ধ দেৱাল অংক কৰি গ্ৰেপ্তাৰ অসমৰ চিত্ৰশিল্পী নীলিম মহন্ত।অসম আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে লখিমপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে নৱপ্ৰজন্মৰ চিত্ৰশিল্পীগৰাকীক।উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ৫০বছৰ পূৰ্তি স্মৰণীয় দেৱালত 'NO BIG DAM' লিখাৰ অভিযোগ মহন্তৰ বিৰুদ্ধে।
ইফালে ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলিও খবৰ ওলাইছে।ইতিমধ্যে অৰুণাচললৈ লৈ গৈছে শিল্পী গৰাকীক।
তাৎপৰ্যপূৰ্ণ কথা এই যে পূৰ্বতে কা' আন্দোলন কৰি অখিল গগৈ কাৰাবন্দী হৈ থকাৰ সময়ত গগৈক সমৰ্থন কৰি দেৱাল অংকন কৰিও আৰক্ষীৰ হাতত আটক হৈছিল শিল্পী মহন্ত।
- Log in to post comments
- 25 views