মহানগৰ আৰক্ষীৰ জালত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা বৃদ্ধিপোৱাৰ সময়তে আৰক্ষীৰ জালত পৰিছে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা এটা প্ৰবঞ্চকক।পানবজাৰ আৰক্ষীৰ জালত পৰা অভিযুক্ত প্ৰবঞ্চকটোৰ নাম ৰাজেশ কুমাৰ।বিগতে ৭ বছৰে গুৱাহাটী মহানগৰীত বসবাস কৰি আছে ধৃত প্ৰবঞ্চকটোৱে। 
উল্লেখ্য যে গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাই লালমাটিৰ পৰা গ্ৰেপ্তাৰ কৰা ধৃত প্ৰবঞ্চকটোৰ বিৰুদ্ধে পানবজাৰ থানাত ১০৫/২২ নম্বৰত গোচৰ ৰুজু হৈছে।অভিযোগ মতে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ জালিয়াতিৰে প্ৰদান কৰি আহিছিল কুমাৰে।বৃহৎ ধনৰ বিনিময়ত অনুজ্ঞাপত্ৰ যোগান ধৰিছিল।দীৰ্ঘদিন ধৰি  আৰক্ষীয়ে প্ৰবঞ্চকটোক বিচাৰি অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ৷

Your Comments