
নিউজ ডেস্ক:
ধাৰাবাহিক ভাৱে দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত।বিগত ৬টা দিনত ৫বাৰকৈ বৃদ্ধি পেট্ৰ'ল ডিজেলৰ দাম।দেওবাৰে গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লত ৫৫পইচা আৰু ডিজেলত ৫৮পইচা বৃদ্ধি হয়।সেই মৰ্মে গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৯৮.৬৭টকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৪.৭৯টকা হৈছে ৷
গুৰুত্বপূৰ্ণ কথা এই যে ,মূল্যবৃদ্ধিয়ে কোঙা কৰা দেশবাসীক ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জ্বলা-কলা খোৱাইছে।আনহাতে গুৱাহাটী মহানগৰীত পেট্ৰ’লে শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ ১.৩৭টকাহে বাকী।
- Log in to post comments
- 7 views