মহানগৰীত বিশুদ্ধ খোৱাপানী বিচাৰি গুৱাহাটী ছাত্ৰ সন্থাৰ বিক্ষোভ

A

নিউজ ডেস্ক:
বিশুদ্ধ খোৱাপানী সমস্যাৰ সমাধান বিচাৰি গুৱাহাটী মহানগৰীত আছুক বিক্ষোভ।সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে গুৱাহাটী মহানগৰীৰ চাৰিটা স্থানত একে সময়তে ৰূপায়ণ কৰে বিক্ষোভ।পূৱ গুৱাহাটী ছাত্ৰ সন্থাই চানমাৰি, দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাই গণেশগুৰি বি কে টাৱাৰৰ সন্মুখত, পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই সোনাৰাম বিদ্যালয়ৰ সন্মুখত আৰু মধ্য গুৱাহাটী ছাত্ৰ সন্থাই এছ বি দেওৰা মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৰূপায়ণ কৰে।মহানগৰীৰ অন্যতম প্ৰধান সমস্যা বিশুদ্ধ খোৱা পানী।বছৰ বছৰ ধৰি জনতাই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে।চৰকাৰ সলনি হৈছে যদিও ৰাইজৰ এই সমস্যা সমাধান হোৱা নাই।যাৰ বাবে বিভিন্ন সময়ত গুৱাহাটীৰ ৰাইজ তথা দল-সংগঠনসমূহে খোৱাপানীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে।
গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানত চৰকাৰৰ ব্যৰ্থ।ব্যতিক্ৰমী ভাৱে হাতে হাতে প্লাষ্টিকৰ বাল্টি, মগ আদি লৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে মহানগৰী ৰাজপথ।প্ৰতিবাদকাৰীসকলৰ অভিযোগ 'উন্নয়নৰ শ্ল'গানেৰে বিজেপি শাসনলৈ আহিছিল যদিও, আজিলৈ ৰাইজৰ এই প্ৰধান সমস্যা সমাধানত ব্যৰ্থ হৈছে চৰকাৰ।ৰাইজৰ পৰা চৰকাৰে বিভিন্ন ধৰণৰ কৰ সংগ্ৰহ কৰিছে যদিও খোৱাপানীৰ সমস্যা আজিলৈ সমাধান নহ'ল।শীঘ্ৰে গুৱাহাটীবাসীৰ এই সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে।অন্যথা ইয়াতকৈও ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে আছুৰ লগতে স্থানীয় ৰাইজে ।

Your Comments