
নিউজ ডেস্ক:
"এখনো তামোল নোখোৱাকৈ ৰাজ্যৰ নিবনুৱাক চাকৰি দিম বুলি সদনত সদম্ভে ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তি কমিটিয়ে আবেদনতে নিবনুৱাৰ পৰা এপোনকৈ তামোল খাবলৈ লৈছে"-শনিবাৰে প্রকাশিত অসম চৰকাৰৰ তৃতীয়-চতুৰ্থবৰ্গৰ ২৬হাজাৰৰো অধিক পদৰ নিযুক্তি বিজ্ঞাপনকলৈ এই গুৰুত্বপূৰ্ণ মন্তব্য দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ।দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি নিবনুৱাৰ ভৱিষ্যতক লৈ ধেমালি নকৰিবলৈ সকীয়াই দিয়ে।সদৌ অসম আইন ছাত্ৰ সন্থাৰ সৈতে যুটীয়াকৈ সংবাদমেল সম্বোধন কৰি তেওঁ কয়-যিসময়ত ৰাজ্যৰ লাখ-লাখ নিবনুৱাই সংস্থাপন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে তেনে সময়ত অসম চৰকাৰে নিযুক্তিৰ নামত আবেদন মাচুল গ্ৰহণ কৰাটো সমৰ্থনযোগ্য নহয়।দৰিদ্ৰ নিবনুৱাসকলে দুয়োটা শাখাত আবেদনৰ বাবে নূন্যতম ৪০০টকাৰ পৰা সৰ্বাধিক ৫৫০টকাকৈ মাচুল আদায় দিব লাগিব।যি নেকি ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে সামৰ্থ্যযোগ্য নহয়।সংগঠনটোৰ স্পষ্ট দাবী- আবেদনৰ সম্পূৰ্ন মাচুল বিনামূলীয়া কৰিব লাগে।ইয়াৰ লগতে নিযুক্তি পৰীক্ষা আৰু ফলাফলৰ সময় বিজ্ঞাপনটোত স্পষ্টকৈ প্রকাশ কৰাৰো দাবী জনায়।কাৰণ পূৰ্বতে বহু পৰীক্ষা আবেদন সংগ্ৰহ কৰা পাচতো অনুষ্ঠিত নহল বা পৰীক্ষা অনুষ্ঠিত হৈয়ো ফলাফল ঘোষণা নহল।গতিকে এই নিযুক্তিত সেইকেইটা দিশ প্ৰকাশ কৰিব লাগে।
আনহাতে সংবাদমেলত আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰাই চৰকাৰক সমালোচনা কৰি কয়- ৰাজ্যৰ মাইক্ৰফাইনেন্সৰ ঋণ মাফ, ছাত্ৰ-ছাত্ৰীক স্কুতি প্ৰদান, অৰুণোদয়কে ধৰি বিভিন্ন বিনামূলীয়া আঁচনি জৰিয়তে চমক দিব বিচৰা চৰকাৰে কিয় নিবনুৱা সকলৰ নিযুক্তি আবেদন বিনামূলীয়া কৰিব নোৱাৰে।
- Log in to post comments
- 29 views