বতাহত খহিল গুৱাহাটী-উত্তৰ গুৱাহাটী নিৰ্মীয়মান দলঙৰ ৰেলিং লঞ্চাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী উত্তৰ-গুৱাহাটী সংযোগী নিৰ্মীয়মান দলঙত অঘটন।শুকুৰবাৰে নিশা বতাহ-বৰষুণত ভাঙি পৰিল আধুনিক প্ৰযুক্তিৰে নিৰ্মীয়মান দলংখন ৰেলিং লঞ্চাৰ।
এছ পি ছিঙলা নামৰ এক প্ৰতিষ্ঠানে নিৰ্মাণ কৰি থকা দলংখনৰ ৰেলিং খহি পৰাত সোভাগ্যক্ৰমেহে ৰক্ষা পৰে  বহুকেইজন শ্ৰমিক।ৰেলিং খহাত দলংখনৰ ডিজিটেল ইনভাৰ্টাৰো বহু দূৰৈত ছিটিকি পৰে।
গুৰুত্বপূৰ্ণ কথা  এই যে ,শুক্ৰবাৰে অসম বিধানসভাৰ বিধায়ক প্ৰতিনিধি দলে নিৰ্মীয়মান দলংখন পৰ্যবেক্ষণ কৰি উচ্চ প্ৰশংসাৰে উপচাই পেলাইছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।আনহে নালাগে উন্নত প্ৰযুক্তি আৰু খৰতকীয়া কাম হোৱা বুলি বিৰোধীয়েও প্ৰশংসা কৰিছিল।প্ৰশংসাৰ এদিন পাছতেই নিৰ্মাণকাৰী ৰেলিং লঞ্চাৰ বতাহত খহি পৰে।তাৎপৰ্যপূৰ্ণ কথা এই যে চাৰিলেনযুক্ত দলংখন ২০২৩চনত মুকলি হোৱাৰ কথা।

Your Comments