
নিউজ ডেস্ক:
ৰাজ্যত ভয়াৱহভাৱে নিবনুৱা সমস্যাই গা কৰি উঠাৰ সময়তে অসম চৰকাৰে শনিবাৰে প্ৰকাশ কৰিছে প্ৰায় ২৬হাজাৰৰো অধিক পদত নিযুক্তিৰ বিজ্ঞাপন।চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ ২৬,৪৪১টা পদত নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনে সামান্যতম হলেও আশাৰ ৰেঙণি দেখুৱাইছে নিবনুৱাৰ মাজত।তৃতীয়-চতুৰ্থবৰ্গৰ পদত নিযুক্তিৰ বাবে চৰকাৰে গঠন কৰি দিয়া বিশেষ কমিটিখনে প্ৰকাশ কৰা বিজ্ঞাপনে নিবনুৱাসকলক সামান্য আনন্দ দিয়াৰ সমান্তৰালকৈ বৃদ্ধি কৰিছে চিন্তা।কাৰণ পদসমূহত আবেদন কৰাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া হৈছে আবেদন মাচুল।তৃতীয়- চতুৰ্থবৰ্গ পদত সুকীয়াকৈ আবেদনৰ মাচুল নিৰ্ধাৰণ কৰিছে কমিটিখনে।চতুৰ্থবৰ্গৰ পদত আবেদনৰ বাবদ জেনেৰেল, অবিচি আৰু এমঅ’বিচি প্ৰাৰ্থীয়ে ভৰিব লাগিব ২০০টকা,বিপৰীতে এছটি, এছচিয়ে ১৫০টকা। একেদৰে তৃতীয়বৰ্গৰ পদসমূহত জেনেৰেল, অ’বিচি, এমঅ’বিচি প্ৰাৰ্থীয়ে ৩৫০টকা আৰু এছচি, এছটিয়ে ২৫০টকা আবেদন মাচুল জমা দিব লাগিব।বিশেষ বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ আছে মাচুল জমা নিদিয়া প্ৰাৰ্থীৰ আৱেদন বাতিল হোৱাৰ কথা।অসম চৰকাৰে চাকৰিৰ পদত আবেদনৰ বাবদ নিবনুৱাসকলৰ পৰা বৃহৎ পৰিমাণৰ মাচুল সংগ্ৰহ কৰাৰ কাৰ্য তীক্ষ্ণ ভাৱে সমালোচনা কৰিছে ৰাজ্যৰ বহুকেইটা জাতীয় সংগঠন প্ৰমুখ্যে ৰাজনৈতিক দলে।চৰকাৰে সংস্থাপনৰ নামত ৰাজ্যৰ লাখ-লাখ নিবনুৱাৰ পৰা আবেদন মাচুল সংগ্ৰহ কৰি খালী ৰাজকোষ টনকিয়াল কৰিব বিচাৰে নেকি! এই প্ৰশ্ন ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ।কলিতাৰ দাবী- সকলো নিবনুৱাৰ বাবেই আবেদনৰ মাচুল বিনামূলীয়া কৰিব লাগে।ইতিমধ্যে আবেদন হৈ যোৱা অসম চৰকাৰৰ আৰক্ষী বিভাগৰ বিভিন্ন পদত আবেদনৰ মাচুল লোৱা হোৱা নাছিল।ৰাজ্যত প্ৰায় ২৫-২৬লাখ নিবনুৱা আছে।আবেদনৰ মাচুল সংগ্ৰহৰ জৰিয়তে বৃহৎ পৰিমাণৰ পুঁজি অধি গ্ৰহণ কৰাৰ কৌশল ৰচনা কৰা বুলিও সাধাৰণ সম্পাদক কলিতাই কয়।
তাৎপৰ্যপূৰ্ণ কথা যে দৰিদ্ৰ পৰিয়ালৰ এগৰাকী নিবনুৱা প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থবৰ্গ দুয়োটা শাখাত আবেদন কৰিবলৈ হলে ৪০০-৫৫০টকা মাচুল জমা দিব লাগিব।যিটো নেকি প্ৰতিটো পৰিয়ালৰ বাবে সামৰ্থ্যযোগ্য নহয়।চৰকাৰৰ আবেদন মাচুল সংগ্ৰহৰ সিদ্ধান্ত সমালোচনা কৰি আম আদমী পাৰ্টী অসম ৰাজ্যিক সমিতিয়ে কয়- কোভিডৰ বাবে হোৱা আৰ্থিক সংকটৰ পাছত নিবনুৱা যুৱক-যুৱতীৰ পৰা চৰকাৰে এইদৰে ধন ঘটিবলৈ চেষ্টা কৰা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়।আবেদন মাচুল সম্পূৰ্ণকৈ প্ৰত্যাহাৰ নতুবা অতি সামান্য পৰিমানে মাচুল সংগ্ৰহ কৰিব লাগে- দলৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে কয়।
ইয়াৰ উপৰিও নিযুক্তি আবেদনৰ বাবদ চৰকাৰে ধন সংগ্ৰহ কৰা সিদ্ধান্তক তীক্ষ্ণ সমালোচনা কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক ধৃতিময় ৰায় চৌধুৰীয়ে আবেদন মাচুলৰ জৰিয়তে চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এক কৌশল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।যি নিবনুৱাই সংস্থাপন বিচাৰি আজি হাহাকাৰ কৰিছে সেইসকল নিবনুৱাৰ পৰাই আকৌ বৃহৎ পুঁজি সংগ্ৰহ কৰাতো সমৰ্থনযোগ্য নহয়।সদৌ অসম ছাত্ৰ সন্থাই এনে কাৰ্য কেতিয়াও মানি নলয়।এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিব লাগে।
আনহাতে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তামোল এখন নোখোৱাকৈ নিযুক্তি দিম বুলি সদনত প্ৰতিশ্ৰুতি দিয়ে।কিন্তু এতিয়া চাকৰি আবেদনতে এপোনকৈ তামোলৰ দাম সংগ্ৰহ কৰিছে।সংগঠনটোৰ দাবী যে আবেদনৰ মাচুল সম্পূৰ্ন বিনামূলীয়া হ’ব লাগে।লগতে বিজ্ঞাপনত পৰীক্ষা অনুষ্ঠিত হ’ব লগা দিন-বাৰ আৰু ফলাফল ঘোষণা দিন-বাৰ স্পষ্টকৈ উল্লেখ কৰিব লাগে।কিয়নো পূর্বতে বহুতো নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰিও আজি পৰ্যন্ত পৰীক্ষা অনুষ্ঠিত নহল বা পৰীক্ষা অনুষ্ঠিত হৈয়ো ফলাফল নোলাল।গতিকে নিবনুৱাসকলক এই পৰীক্ষাতো কেতিয়া অনুষ্ঠিত হ’ব তাক আশ্বস্ত কৰিব পৰাকৈ এক সময় নিৰ্ধাৰণ কৰিব লাগে।
ইফালে সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ গগৈয়ে চৰকাৰক কটাক্ষ কৰি কয়-মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰা, ছাত্ৰীক স্কুতি দিয়া, অৰুনোদয় আঁচনি জৰিয়তে হিতাধিকাৰীক টকা দিয়া চৰকাৰখনে কিয় নিবনুৱাসকলক নিযুক্তি আবেদন বিনামূলীয়া কৰিব পৰা নাই।চৰকাৰৰ বৃহৎ পুঁজি সংগ্ৰহৰ এইয়া চক্ৰান্ত নেকি বুলিও তেওঁ প্ৰশ্ন কৰে।
- Log in to post comments
- 47 views