
নিউজ ডেস্ক:
ৰাজ্যত শতক অতিক্ৰম কৰাৰ দিশে পেট্ৰ’ল।পিছপৰি থকা নাই ডিজেল।এসপ্তাহত চতুৰ্থবাৰ বৃদ্ধি পেট্ৰ’ল -ডিজেলৰ মূল্য।মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ মূৰত মাধমাৰ সোধাই আজি পুনৰ পেট্ৰ’লত বৃদ্ধি ৮৯ পইচা আৰু ডিজেলত ৮৪ পইচা ।উল্লেখ্য যে শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.১৪টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৮৪.২৫টকা হয়গৈ।গুৰুত্বপূৰ্ণ কথা এই যে ,যোৱা ২১মাৰ্চত গুৱাহাটীত পেট্ৰ’লৰ দাম আছিল ৯৪.৮৩টকাৰ বিপৰীতে ডিজেল ৮১.৪৮টকা।সেইমৰ্মে চলিত সপ্তাহ অৰ্থাৎ পাঁচটা দিনতে ৩.৩১টকা বৃদ্ধি হৈছে পেট্ৰ’লত।একেদৰে ডিজেলত ২.৪১টকা বৃদ্ধি হৈছে।
- Log in to post comments
- 6 views