
নিউজ ডেস্ক:
অসমীয়া বাপতিসাহোন সাতবিহুৰ পৰম্পৰাৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লোৱা সিদ্ধান্তত উদ্বেগ প্ৰকাশ কৰিছে বিহু কৃষ্টি পৰিষদ অসমে।দুটাকৈ বছৰ ক'ভিড-১৯ মহামাৰীয়ে ম্লান কৰাৰপিছত এইবাৰ অসমৰ লগতে গুৱাহাটীবাসীয়ে ৰঙালী বিহুৰ উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে।তেনে স্থলত বিহু মাজতে নিৰ্বাচন অনুষ্ঠিত হলে ভোটদাতাৰ অসুবিধা হ’ব।বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি চাকৰি বা অন্যান্য কাৰণত গুৱাহাটীত থাকে।কিন্তু বিহুৰ সময়ত তেওঁলোক পৰিয়ালৰ হৈতে বিহু উদযাপন কৰিবলৈ যায়।নিৰ্বাচন অনুষ্ঠিত হলে চৰকাৰী কৰ্মচাৰীসকল পৰিয়ালৰ সৈতে বিহু উদযাপন কৰাত বঞ্চিত হ’ব।যিহেতু তেওঁলোকে এই নিৰ্বাচনী কামত ব্যস্ত থাকিব লাগিব।
একেদৰে ৰঙালী বিহুৱে সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰে।কিন্তু বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হলে সেই সম্প্ৰীতি বিঘ্নিত কৰিব।তাৰ বাবে সাতবিহুৰ দিনকেইটাৰ পৰিৱৰ্তে অন্য দিনত নিৰ্বাচনৰ দিন ঘোষণাৰ আহ্বান জনায় আয়োগক।লগতে সমগ্ৰ বিষয়টোত অসম চৰকাৰক দৃষ্টি দিয়াৰো দাবী জনাইছে বিহু কৃষ্টি পৰিষদ অসমে।
- Log in to post comments
- 14 views