শিক্ষকে আন্দোলন কৰিলে বেয়া কিন্তু চিনেমা চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অৰ্ধ ছুটী, বিভিন্ন জনৰ প্ৰতিক্ৰিয়া

A

নিউজ ডেস্ক:

'ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাজ্যৰ শিক্ষকে আন্দোলন কৰিলে ৰঙাচকু দেখাই কৰ্তব্য পালনৰ কথা কোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অধ্যাপক-অধ্যাপিকা তথা কৰ্মচাৰীক দ্য কাশ্মীৰ ফাইলচ চাবলৈ অৰ্ধ ছুটী ঘোষণা কৰাটো হাঁহি উঠা কথা'- এই মন্তব্য মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰাঞ্জল কলিতাৰ।
বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহুল চৰ্চিত ছবিখন চাবলৈ ইচ্ছা থকা অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীক অৰ্ধছুটী মঞ্জুৰেৰে প্রকাশ কৰা জাননীৰ সন্দৰ্ভত কলিতাই কয়- ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা ,ফলাফল সময়ত ঘোষণা কৰিব নোৱাৰা বিশ্ববিদ্যালয়খনে এখন ছবি চাবলৈ অৰ্ধ চুটি ঘোষণা কৰাটো লাজ লগা কথা।ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আন্তঃগাঁথনি শক্তিশালী কৰাটোত বিশ্ববিদ্যালয়খনে অধিক মনোনিবেশ কৰিব লাগে বুলি তেওঁ লগতে কয়।
বিজেপিয়ে সাম্প্ৰদায়িক এজেণ্ডাৰ প্ৰচাৰ মাধ্যম ৰূপে লৈছে ছবিখন।ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমে শেহতীয়া ভাৱে ছবিখন ৰাজ্যৰ গাঁৱে গাঁৱে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবলৈ লোৱা সিদ্ধান্ত কটাক্ষ কৰি ছাত্ৰ মুক্তিৰ নেতা গৰাকীয়ে কয়- ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমে অসমৰ কলা-কুশলীসকলৰ বাবে প্ৰয়োজনীয় কাৰ্য সম্পাদন কৰিব লাগে।ৰাজ্যৰ শিল্পীসকলৰ স্বাৰ্থত যাৱতীয় দায়িত্ব বিত্তীয় নিগমে গ্ৰহণ কৰিলে ভাল।তাৰ বিপৰীতে এটা ৰাজনৈতিক দলৰ এজেণ্ডাৰ প্ৰচাৰ কৰিবলৈ লোৱাটো শুভ লক্ষণ নহয়।
আনহাতে ৰাজ্যৰ একাংশ জিলা প্ৰশাসনে বিতৰ্কিত ছবি খন প্ৰদৰ্শনৰ যি ব্যৱস্থা লৈছে সেইয়া শুভ লক্ষণ নহয়।গণতন্ত্ৰৰ প্ৰতি এইয়া অশুভ লক্ষণ।
ইয়াৰ উপৰিও বিভিন্নজনে সামাজিক মাধ্যমত চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমে ছবিখন গাঁৱে গাঁৱে প্ৰদৰ্শন কৰিবলৈ লোৱাৰ কাৰ্যক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে।উল্লেখ্য যে নলবাৰীত আজিৰে পৰা চলচ্চিত্ৰ বিত্তীয় নিগমৰ উদ্যোগত চৰ্চিত ছবিখন প্ৰদৰ্শন হৈছে।
আনহাতে চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ছবিখন প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- নিগমৰ ক্ষতি হোৱা কাম আমি নকৰো।

Your Comments