গুৱাহাটীত ভয়ংকৰ বায়ু প্ৰদূষণ; বায়ুমণ্ডলত ক্ৰমাৎ বৃদ্ধি হৈছে প্ৰদূষণৰ মাত্ৰা

A

নিউজ ডেস্ক:
ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰী।প্ৰতি মুহূৰ্ততে মহানগৰীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা।সমগ্ৰ গুৱাহাটীত বায়ুমণ্ডল প্ৰদূষণৰ ফলতেই বগা চামনি সদৃশ এক আৱৰণ পৰিস্ফুট হৈছে।ধূলিৰ পৰিমাণ বৃদ্ধি পাইছে বায়ুমণ্ডলত।জনস্বাস্থ্যৰ বাবে ক্ৰমাৎ অনুপযুক্ত হৈ পৰিছে মহানগৰীৰ বায়ুমণ্ডল।
নেচনেল এয়াৰ কোৱালিটি ইনডেক্স চমুকৈ NAQIৰ তথ্য মতে গুৱাহাটী মহানগৰীত বায়ু প্ৰদূষণৰ পৰিমান ২০৫- ২৩৯ বৃদ্ধি পাইছে।উল্লেখ্য যে,বৃহস্পতিবাৰৰ পৰা প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পাইছে।

Your Comments